জোনাইত বিভিন্ন ঠাইত শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন

author-image
Asomiya Pratidin
New Update
জোনাইত বিভিন্ন ঠাইত শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন

ডিজিটেল সংবাদ, জোনাই : জোনাই মহকুমাত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱৰ । কভিদ কালীন পৰিস্থিতিৰ ফলত হোৱা শোচনীয় আৰ্থিক দুৰৱস্থাৰ পাছত এইবেলি দেখা নগ'ল ৰাইজৰ উৎসাহ-উদ্দীপনা । কিন্তু তাৰ পাছতো কেৱল পূজা আয়োজক কমিটিৰ তৎপৰতাতেই আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ ।

Advertisment

সীমান্তৱৰ্তী জোনাইৰ মহকুমাৰ জোনাই সদৰ বজাৰ, জোনাই বজাৰ হনুমান মন্দিৰ, গান্ধীৰোড, মুৰ্কংচেলেক ষ্টেচন, লক্ষ্মী নেপালী, ৰুকচিন, ৰাজাখানা, এক্স আৰ্মি গাঁও, সন্তপুৰ, বেৰা চাপৰি, লাইমেকুৰী, তেলাম, ডেকাপাম আদিত প্ৰায় ২২ টা স্থানত পূজা কমিটীসমূহে আটকধুনীয়াকৈ পূজা মণ্ডপ নিৰ্মাণ কৰি শাৰদীয় দুৰ্গোৎসৱ আয়োজন কৰিছে। ইপিনে জোনাই মহকুমাৰ আৰক্ষী প্ৰশাসনেও শাৰদীয় দুৰ্গোৎসৱ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধ পৰিবেশত আয়োজন কৰিবলৈ তৎপৰ হৈ পৰিছে।

assam durga puja jonai