হিন্দু-মুছলমান দুই শিল্পীৰ হাতৰ পৰশত প্ৰাণ পালে দুৰ্গা প্ৰতিমাই

ষষ্ঠীত প্ৰতিষ্ঠা হ’ব মা দূৰ্গাৰ প্ৰতিমা
durga puja
durga puja

ডিজিটেল সংবাদ,নগাঁও: ষষ্ঠীত প্ৰতিষ্ঠা হ’ব মা দূৰ্গাৰ প্ৰতিমা ৷ দূৰ্গা পূজাৰ বাবে এতিয়া চৌদিশে আনন্দমুখৰ পৰিবেশ ৷ শৰতৰ সুমধুৰ পৰিৱেশৰ মাজত শক্তিৰ দেৱীক পূজিবলৈ সৰ্বত্ৰে প্ৰস্তুতি চলি আছে ৷

দুটি বৰ্ষ ক’ভিডৰ বাবে দূৰ্গা পুজাৰ উৎসৱমূখৰ পৰিবেশ ম্লান পৰাৰ পিছত পূৰ্ণদমে এই বেলি শাৰদী ৰাণীক পূজা কৰিবলৈ সাজু সৰ্বস্তৰৰ লোক ৷ এনে এক পৰিৱেশৰ মাজত নগাঁৱৰ এখনি পুজা মণ্ডপৰ প্ৰতিমা হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ শিল্পীয়ে মিলি নিৰ্মান কৰা ইতিবাচক বিষয় পোহৰলৈ আহিছে ৷

মা দুৰ্গাৰ প্ৰতিমা মুছলমান শিল্পীৰ সহযোগত এগৰাকী হিন্দু শিল্পীয়ে মিলি নিৰ্মান কৰা কাৰ্যই সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াইছে ৷ এই শিল্পী দুজন হৈছে পংকজ মহন্ত আৰু মণি আহমেদ ৷

পংকজ মহন্ত আৰু মণি আহমেদে ১১ মাহ ৭ দিনত নিৰ্মান কৰা দুৰ্গা প্ৰতিমা খন পূৰ্বৰ দৰে এইবেলি পূজিত হ'ব ৷ এই প্ৰতিমাখনি আছে নগাঁৱৰ বঢ়মপুৰত ৷ বঢ়মপুৰ স্থিত নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য শিবিৰত মহন্ত আৰু আহমেদ যুটিৰ প্ৰতিমাখন পূৰ্বৰ দৰে এইবেলি সাজু কৰি তোলা হৈছে ৷

উল্লেখ্য এই প্ৰতিমাখনি কাঠেৰে নিৰ্মান কৰা হৈছে ৷ নিম আৰু শিচু গছৰ কাঠেৰে নিৰ্মান কৰা হৈছে প্ৰতিমাখনি ৷ বাহিনীটোৰ বিষয়া পংকজ মহন্ত আৰু জোৱান মণি আহমেদে ২০১৪ বৰ্ষত নিৰ্মান কৰিছিল এই প্ৰতিমাখনি ৷

নৱম অসম আৰক্ষী বাহিনীৰ শিবিৰত এইবেলি দূৰ্গা পুজাক লৈ সাজু হৈছে আৰক্ষী বাহিনীটো ৷ সজাই পৰাই তোলা হৈছে দুৰ্গা পুজা স্থলী ৷ শিবিৰটো আলোকিত কৰি ৰাখিবলৈ বিষয়া জোৱান সকলো ব্যস্ত হৈ পৰিছে পূজাৰ প্ৰাকক্ষণত ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in