/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/7c994aca-1be6-42cd-b1f7-c2f6758ca243/2.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ: কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা ৷ এছিয়াৰ সকলোতকৈ পুৰণি ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপৰ ১৩৩ সংখ্যক ফুটবল প্ৰতিযোগিতাখন অহা ৩০ জুলাইৰ পৰা ২১ আগষ্টলৈকে কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব । এই উপলক্ষে দেওবাৰে কোকৰাঝাৰত ডুৰাণ্ড কাপৰ ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শন কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9caebb63-5626-4f77-8997-d1840cab0c95/66a29fab-96a9-4eda-a3da-923f11853f95.jpg)
কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ট্ৰফী উন্মোচন আৰু প্ৰদৰ্শনৰ আদৰণি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, সেনাবাহিনীৰ ইষ্ট্ৰাৰ্ণ কমাণ্ডৰ চীপ অফ ষ্টাফ লেফটেনেণ্ট জেনেৰেল আৰ চি শ্ৰীকান্ত সহ সেনাবাহিনীৰ কেইবাজনো শীৰ্ষ বিষয়া আদিকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8cd5ab0c-426c-4057-88e8-39f9a4aad14f/a7b1e56a-80ac-4436-b2cf-180cd160f31b.jpg)
উল্লেখ্য যে কোকৰাঝাৰ ছাই ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া ডুৰাণ্ড কাপ লীগ মেচত চাৰিটা দলে অংশগ্ৰহণ কৰিব ৷ দল চাৰিটা হ'ল ক্ৰমে ঘৰুবা দল বড়োলেণ্ড এফ চি , নৰ্থ ইষ্ট ইউনাইটেড এফ চি, উৰিষ্যা এফ চি আৰু বিএছ এফ এফ টি ৷ অহা ৩০ জুলাইত উদ্বোধনী মেচখন ঘৰুৱা দল বডোলেণ্ড এফ চি আৰু নৰ্থ ইষ্ট ইউনাইটেডৰ মাজত অনুষ্ঠিত হ'ব ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/0675b479-522e-4873-a879-46672380bead/b3a7ad32-7375-4dda-b218-f2b8a5c5fd89.jpg)
৩০ জুলাইৰ পৰা ১৬ আগষ্টলৈকে কোকৰাঝাৰত মুঠ ৬খন লীগ মেচ অনুষ্ঠিত হ'ব আৰু ২১ আগষ্টত কোকৰাঝাৰত এখন কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব । প্ৰণিধানযোগ্য যে ঐতিহ্যমণ্ডিত ১৩৩ সংখ্যক ডুৰাণ্ড কাপৰ ট্ৰফী লৈ দেওবাৰে কোকৰাঝাৰ চহৰত এক শোভাযাত্ৰাও উলিওৱা হয় ৷ শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cf50ddcb-251a-4cc7-afd1-889141197305/c06a0435-1f51-4b6c-87ae-3158c9e55116.jpg)
ইপিনে সংবাদমাধ্যমৰ আগত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে ডুুৰান্ত কাপ অনুষ্ঠিত কৰিবলৈ সুযোগ দিয়া বাবে ভাৰতীয় সেনাক ধন্যবাদ জ্ঞাপন কৰিছে। ডুৰান্ত কাপ সূচাৰুৰূপে অনুষ্ঠিত কৰাটো উল্লেখযোগ্য সফলতা বুলি উল্লেখ কৰি প্ৰমোদ বড়োৱে ভাৰতীয় সেনাবাহিনীয়ে তেওঁলোকক দিয়া টেংক আৰু টোপ ভালদৰে সজাই ৰখা হ'ব বুলিও মন্তব্য কৰিছে।
প্ৰতিখন খেল উপভোগ কৰিবলৈও ক্ৰীড়াপ্ৰেমী ৰাইজক আহ্বান জনাইছে প্ৰমোদ বড়োৱে । আনহাতে মন্ত্ৰী নন্দিতা গাৰ্লোচাই কোকৰাঝাৰত চাৰিটা দলে অংশগ্ৰহণ কৰিব আৰু খেলসমুহ নিশ্চয়কৈ সুন্দৰ হ'ব বুলি মন্তব্য কৰি ইয়াক প্ৰত্যক্ষ কৰি উঠি অহা খেলুৱৈসকল লাভম্বিত হ'ব বুলি মন্তব্য কৰিছে। আনহাতে ভাৰতীয় সেনাবাহিনীৰ ইষ্ট্ৰাৰ্ণ কমাণ্ডৰ তৰফৰ পৰা সকলোলৈ শুভকামনা জ্ঞাপন কৰিছে সেনাবাহিনীৰ ইষ্ট্ৰাৰ্ণ কমাণ্ডৰ চীফ অফ ষ্টাফ লেফটেনেণ্ট জেনেৰেল আৰ চি শ্ৰীকান্তে।
Also Read: কৰ্কট ৰোগত আক্ৰান্ত প্ৰাক্তন ক্ৰিকেটাৰ অংশুমান গাইকৱাদলৈ বি চি চি আইৰ ১কোটি টকা...