আজি গুৱাহাটীত ডুৰণ্ড কাপ ফুটবল টুৰ্নামেন্ট…

আজি গুৱাহাটীত ডুৰণ্ড কাপ ফুটবল টুৰ্নামেন্ট…

author-image
asomiyapratidin
New Update
আজি গুৱাহাটীত ডুৰণ্ড কাপ ফুটবল টুৰ্নামেন্ট…

ডিজিটেল ডেস্ক : গুৱাহাটীত ১৭ আগষ্টত অনুষ্ঠিত হ'ব ১৩১ সংখ্যক ডুৰাণ্ড কাপ ফুটবল টুৰ্নামেন্ট। বিয়লি ৪ বজাত অনুষ্ঠিত হ'ব ডুৰণ্ড কাপৰ উদ্বোধনী অনুষ্ঠান। বিয়লি ৫ বজাৰ পৰা উৰিষ্যা আৰু নৰ্থ-ইষ্ট এফ চি মাজত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব। গুৱাহাটীত মুঠ ১০ খন খেল অনুষ্ঠিত হ'ব।

উল্লেখ্য যে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ ১৩১ তম সংস্কৰণ মঙলবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াঙ্গনত আৰম্ভ হয়। অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। প্ৰায় ১ ঘন্টা ধৰি অনুষ্ঠিত হয় এই উদ্বোধনী অনুষ্ঠান। আনহাতে, উদ্বোধনী খেলখনত মহমেদান স্পোৰ্টিংয়ে এফ চি গোৱাক ৩-১ গ'লত পৰাস্ত কৰে।

আৰু পঢ়ক : বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জন, কথমপি প্ৰাণ ৰক্ষা ৭ বছৰীয়া কন্যাৰ…

assam himanta biswa sarma guwahati