/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/medicene-nagaon.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত এতিয়া ঔষধৰ ৰমৰমীয়া বেহা ৷ নীতি বহিৰ্ভূত ভাবে একাংশ ঔষধৰ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে কলা ব্যৱসায় ৷ বিশেষকৈ চৰকাৰী ঔষধ পৰিদৰ্শ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ অকৰ্মণ্যতাৰ সুবিধা লৈছে মুনাফালোভী কলা ঔষধ ব্যৱসায়ীয়ে ৷
সোমবাৰে নিশা নগাঁও চহৰৰ মহখুলি আৰু হেৰাপট্টি ডক্তৰপাৰাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে নীতিবহিৰ্ভূত ভাবে মজুত কৰি বিক্ৰী কৰি অহা ঔষধ ৷ কোটি কোটি টকাৰ কলা ঔষধৰ ব্যৱসায় চলাই থকা চক্ৰটোৰ তিনিজনকৈ লোকক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷
আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি প্ৰথমে নকল ঔষধ বিক্ৰী কৰি থকাৰ অভিযোগত মহখুলিত অভিযান চলাই ৷ নিৰ্মিয়মান মহখুলি চিকিৎসা মহাবিদ্যালয়ৰ সন্মূখত থকা এখন ফাৰ্মাচীত অভিযান চলাই আৰক্ষীয়ে এজন লোকক আটক কৰে ৷ আটক কৰা লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলে হেৰাপট্টৰ ডাক্তৰপাৰত অভিযান চলাই ৷ এই অভিযানত আৰক্ষীয়ে কোটি টকাৰ ঔষধ অবৈধ ভাবে মজুত কৰি ৰখা এটা ভড়ালৰ তথ্য উদ্ধাৰ কৰে ৷ য'ত মজুত আছিল শিশুৰ ঔষধৰ পৰা বিভিন্ন ৰোগৰ ঔষধ ৷
আৰক্ষীয়ে ডাক্তৰপাৰাৰ পৰা কৰায়ত্ব কৰে সমীৰ হুছেইন আৰু ফকৰুল ইছলাম ৷ ইফালে মহখুলিৰ পৰা আটক কৰাজনৰ নাম হৈছে আনজাৰ হুছেইন ৷ আৰক্ষীয়ে জব্দ কৰা ঔষধ সমূহ নকল বুলি সন্দেহ কৰিছে যদিও পৰীক্ষাৰ বাবে প্ৰেৰনৰ ব্যৱস্হা কৰিছে ৷