/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/91dbd7ae-7634-4114-b8ae-9e013b445743/BORO_SAHITYA_Dumunichaki.jpg)
ডিজিটেল সংবাদ, দুমুনিচকী: কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডত প্ৰহসনত পৰিণত হৈছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি। চলিত বিত্তীয় বৰ্ষৰ শেষলৈ, অৰ্থাৎ বৰ্তমান সময়তো উন্নয়ন খণ্ডটোৰ অন্তৰ্গত প্ৰায়বোৰ পঞ্চায়তত এম জি এনৰেগা আঁচনিৰ অধীনত ৰূপায়ন কৰা এটা কামো সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ বাবদ আৱন্টিত ধন প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰি অহা দীঘলীয়া প্ৰক্ৰিয়াই ইয়াৰ মূল কাৰণ বুলি মত পোষণ কৰিছে পঞ্চায়তবাসী ৰাইজে। এই সন্দৰ্ভত প্ৰাপ্ত তথ্য আৰু স্থানীয় লোকৰ ভাষ্য অনুসৰি এম জি এনৰেগাৰ অধীনৰ আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ড থকা শ্ৰমিকক নিয়োগৰ পৰিৱৰ্তে টেক্টৰ অথবা এক্সকেভেটৰ আদি ব্যৱহাৰ কৰি আহিছে। আনহাতে এম জি এনৰেগাৰ আঁচনি ৰূপায়নৰ বিভাগীয় নিয়ম অনুসৰি জৱকাৰ্ডৰ শ্ৰমিকক দৈনিক হিচাপত দিয়া পাৰিশ্ৰামিকৰ পৰিমাণ ন্যূনতম হোৱা বাবেই উক্ত আঁচনি ৰূপায়নত শ্ৰমিকে শ্ৰমদানৰ পৰা বিৰত থাকি আহিছে।
উল্লেখ্য যে, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ডৰ শ্ৰমিকক নিয়োগ কৰি তাৰ বিনিময়ত এজন শ্ৰমিকক দৈনিক ২২৯ টকাকৈ প্ৰদান কৰিব লাগে। যিটো পৰিমাণ বৰ্তমান সময়ৰ দিন হাজিৰাৰ পৰিমাণৰ আধাতকৈও কম। যাৰ ফলস্বৰূপে আঁচনি ৰূপায়নৰ কামত জৱকাৰ্ড থকা শ্ৰমিকে শ্ৰমদান কৰাৰ পৰা স্বাভাৱিকতে বিৰত থাকি আহিছে।
কিন্তু ইয়াৰ পিছতো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ে বিভাগীয় নিয়ম অনুসৰণ কৰা দেখুৱাবৰ বাবে এম জি এনৰেগাৰ অধীনৰ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত এক ভেঁকোভাওনাৰ সৃষ্টি কৰি আহিছে। সেই অনুসৰি জৱকাৰ্ড থকা শ্ৰমিকে শ্ৰমদান কৰা দেখুৱাবলৈ নিৰ্মীয়মান আঁচনিৰ সমীপত বাস কৰা পুৰুষ মহিলাকে ধৰি প্ৰায় ২৫/৩৫ জন লোকক একগোট কৰি পঞ্চায়ত সমূহৰ গ্ৰাম-ৰোজগাৰ সহায়কৰ জৰিয়তে পুৱা অথবা বিয়লিৰ ভাগত একোখনকৈ ফটো সংগ্ৰহ কৰি আহিছে।
এই ফটো সংগ্ৰহ কৰাৰ পিছতে একগোট কৰা লোক সকলে নিজৰ নিজৰ ঘৰলৈ ৰাওনা হয় যদিও জৱকাৰ্ডৰ শ্ৰমিকে শ্ৰমদান কৰি থকা বুলি প্ৰতিপন্ন কৰাৰ বাবে উক্ত ফটো সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰি আহিছে। কেৱল মাত্ৰ বিভাগীয় নিয়ম পালন কৰা দেখুৱাবলৈ সংঘটিত কৰা উক্ত কাৰ্যক এক নাটকীয় তথা হাস্যকৰ বুলি মত পোষণ কৰিছে সচেতন মহলে। কেৱল এয়াই নহয় আনকি জৱকাৰ্ডৰ শ্ৰমিকে শ্ৰমদান কৰাৰ পৰা বিৰত থাকাৰ পিছতো আঁচনিৰ বাবদ আৱন্টিত ধন প্ৰদানৰ ক্ষেত্ৰত বিকল্প ব্যৱস্থা গ্ৰহণ নকৰি দৈনিক পাৰিশ্ৰামিক ২২৯ টকা ধাৰ্য কৰি জৱকাৰ্ডৰ মাধ্যমেৰে প্ৰদান কৰি আহিছে।
এম জি এনৰেগাৰ অধীনৰ আঁচনি ৰূপায়নত টেক্টৰ অথবা এক্সকেভেটৰ আদি ব্যৱহাৰ কৰি থকা দেখাৰ পিছতো উন্নয়ন খণ্ডৰ কাৰ্যালয়ে কেৱল মাত্ৰ নিয়ম পালনৰ নামত আৱন্টিত ধন এনেদৰে জৱকাৰ্ডৰ মাধ্যমেৰে কেইবা কিস্তিত প্ৰদান কৰি দীঘলীয়া সময় অপচয় কৰি আহিছে। যাৰ বাবে আঁচনি ৰূপায়নৰ কাম নিৰ্ধাৰিত সময়ৰ পৰিৱৰ্তে তিনি চাৰি বছৰ ধৰি শামুকীয়া গতিৰে চলাই থাকিব লগীয়া হৈছে। বিহদিয়া জাজিকোনা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায়বোৰ পঞ্চায়তত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি ৰূপায়নৰ কাম অসম্পূৰ্ণ হৈ থকাৰ ফলত ভুক্তভোগ কৰিব লগীয়া হৈছে স্থানীয় পঞ্চায়তবাসী ৰাইজ।
Also Read: ভাল খবৰ: আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতালৈ অসমৰ দুই যুৱক...