দীৰ্ঘেশ্বৰী বন খণ্ডৰ পৰা ভিজিলেনছৰ দলে জব্দ কৰিলে ৩ খনকৈ শিল ভৰ্তি ডাম্পাৰ

দীৰ্ঘেশ্বৰী বন খণ্ডৰ পৰা ভিজিলেনছৰ দলে জব্দ কৰিলে ৩ খনকৈ শিল ভৰ্তি ডাম্পাৰ

author-image
Asomiya Pratidin
New Update
দীৰ্ঘেশ্বৰী বন খণ্ডৰ পৰা ভিজিলেনছৰ দলে জব্দ কৰিলে ৩ খনকৈ শিল ভৰ্তি ডাম্পাৰ

ডিজিটেল সংবাদ দুমুনিচকী : দীৰ্ঘেশ্বৰী বন খণ্ডৰ অন্তৰ্গত নতুৱানাচা সংৰক্ষিত বনাঞ্চলত বন মাফিয়াই কেইবা শতাধিক মুল্যবান গছ কটা বিষয়ে সৰৱ চৰ্চা অব্যাহত থকা সময়তে একেটা এলাকাৰ পৰা নথি-পত্ৰ অবিহনে শিল সৰবৰাহ কৰা তিনিখন ডাম্পাৰ বন বিভাগৰ ভিজিলেনছৰ দলে জব্দ কৰিবলৈ সক্ষম হয়। সোমবাৰে সন্ধিয়াৰ ভাগত ডাম্পাৰ কেইখন জব্দ কৰাৰ পিছতে চিলা আঞ্চলিক বন বিষয়া চন্দন ৰাজখোৱা আৰু দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া সঞ্জয় নাথৰ ছত্ৰছায়াত অসাধু ব্যৱসায়ীয়ে চলাই থকা অবৈধ ব্যৱসায়ৰ বিষয়টো উন্মোচিত হৈ পৰে।

উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলৰ ভূমিক সুৰক্ষা প্ৰদানত চৰম ব্যাৰ্থ হোৱা বন বিভাগৰ উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অন্তৰ্গত চিলা বনাঞ্চল তথা দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মান্দাকাটা, কুমনগৰৰ বিভিন্ন স্থানত দিনে নিশাই অবৈধ ভাবে পাহাৰৰ ৰঙা মাটিৰ লগতে শিল সৰবৰাহ অব্যাহত আছে। এইবোৰ সকলো দেখি শুনিও ৰহস্যজনক মৌনতা অৱলম্বন কৰা দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে একাংশ সচেতন লোক ক্ষুদ্ধ হৈ পৰে।

ফলত একাংশ সচেতন লোকে মুখ্য বন প্ৰাধিকাৰীৰ কাৰ্য্যালয়ৰ সৈতে যোগাযোগ কৰি বিষয় সম্পৰ্কে অবগত কৰাত মুখ্য বন প্ৰাধিকাৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা অহা ভিজিলেনছৰ এটা দলে কালি সন্ধিয়াৰ ভাগত তিনিখন দহ চকীয়া শিল ভৰ্তি ডাম্পাৰ জব্দ কৰে। পূৰ্বৰে পৰা শিল সৰবৰাহ কৰি থকা উক্ত ডাম্পাৰ কেইখন জব্দ কৰাৰ পিছতে একাংশ অসাধু ব্যৱসায়িৰ সৈতে চিলা আঞ্চলিক বন বিষয়া চন্দন ৰাজখোৱা আৰু দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়া সঞ্জয় নাথৰ গোপন বুজা পৰা এতিয়া স্বাভাৱিকতে স্পষ্ট হৈ পৰিছে।

Also Read: মাটি বেদখল কৰাৰ অধিকাৰ কোনে দিলে পৌৰপতি ৰাজীৱ  দাসক:ঢকুৱাখনা কংগ্ৰেছ