মাটি বেদখল কৰাৰ অধিকাৰ কোনে দিলে পৌৰপতি ৰাজীৱ  দাসক:ঢকুৱাখনা কংগ্ৰেছ

খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰি থকা এগৰাকী দৰিদ্ৰ চহাৰ ভূমি বেদখল কৰাৰ অধিকাৰ কোনে দিলে ঢকুৱাখনাৰ পৌৰপতি ৰাজীৱ দাসক।

author-image
Asomiya Pratidin
New Update
মাটি বেদখল কৰাৰ অধিকাৰ কোনে দিলে পৌৰপতি ৰাজীৱ  দাসক:ঢকুৱাখনা কংগ্ৰেছ

ডিজিটেল সংবাদ, ঢকুৱাখনা: খেতি খোলা কৰি জীৱন নিৰ্বাহ কৰি থকা এগৰাকী দৰিদ্ৰ চহাৰ ভূমি বেদখল কৰাৰ অধিকাৰ কোনে দিলে ঢকুৱাখনাৰ পৌৰপতি ৰাজীৱ দাসক। ঢকুৱাখনা ৰাজহ চক্ৰৰ ভবকান্ত ভৰালী নামৰ এজন  নিঃকিন ব্যক্তিৰ ভোগ দখলত থকা মাটি বলপূৰ্বকভাবে পৌৰপতি আৰু স্তাৱক বাহিনীয়ে দখল কৰা কাণ্ডৰ সন্দৰ্ভত এই প্ৰশ্ন তুলিছে ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছ সমিতিয়ে ।

Advertisment

ঢকুৱাখনা ৰাজীৱ ভৱনত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱাই কয়  নিজাকৈ এডোখৰ ম্যাদী মাটি নথকা  চহা ভব কান্ত ভৰালীয়ে ভলুকাগুৰি গাঁওৰ নিজা ভোগ দখলত থকা অলপ মাটি এখন বিদ্যালয় স্থাপনৰ বাবে আগবঢ়াই দিছিল। পৰৱৰ্তী সময়ত সেই বিদ্যালয় প্ৰাদেশিকীকৰণ নোহোৱাত বিদ্যালয়খন নিশ্চিহ্ন হয়।

এটা সংস্থাপনৰ আশাত বিদ্যালয় পাতিবলৈ মাটি এৰি দিয়া দৰিদ্ৰ ব্যক্তি ভৰালীয়ে পৰৱৰ্তী সময়ত পূৰ্বৰ মাটি উভতাই দিয়াৰ ব্যৱস্থা কৰিবলৈ ৰাজহ চক্ৰ বিষয়া , খণ্ড প্ৰাথমিক শিক্ষা বিষয়ক আবেদন কৰিছিল। এই সময়ত ভৰালীয়ে পুনৰ মাটি অংশত জেউৰা ভেটি খেতিৰ বাবে সাজু হওতেই উদণ্ড ৰাজনীতিক , পৌৰপতি ৰাজীৱ দাসৰ নেতৃত্বত একাংশ ৰাইজ ,স্তাৱক বাহিনীয়ে গৈ উক্ত ভুখণ্ডত উচ্ছেদ চলাই আৰু নিজে ঘৰ নিৰ্মাণৰ ব্যৱস্থা লয়।

ইয়াকে লৈ যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ প্ৰশ্ন  যদি ভূখণ্ডৰ সন্দৰ্ভত কিবা বিবাদ আছিল তাক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে হস্তক্ষেপ কৰিব । কিন্তু ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হৈ কিয় আইন হাতত তুলি ৰাজীৱ দাসে এই মাটিত নিজৰ দখল সাব্যস্ত কৰিব ? তেওঁক এই অধিকাৰ কোনে দিলে ? চহা ব্যক্তিজনে কষ্টেৰে নিৰ্মাণ কৰা জেউৰা ভাঙি তাত অস্থায়ী গৃহ সজাৰ অধিকাৰ কত পালে পৌৰপতি দাসে?  দুদিনীয়া ৰাজনৈতিক শক্তিৰে বলিয়ান হৈ আইন কানুনলৈ পিঠি দিয়া উন্নাসিক প্ৰকৃতিৰ বেপৰোৱা ৰাজীৱ দাসৰ এনে অপকৰ্মৰ বিৰুদ্ধে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলিও "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ আগত সকীয়াই দিয়ে যুৱ কংগ্ৰেছে ।

এই অবৈধ দখলৰ সময়ত ,ৰাজহুৱা উচ্ছেদ চলাই থকাৰ সময়ত দাম্ভিক পৌৰপতি ৰাজীৱ দাসউপস্থিত থাকি প্ৰৰোচিত কৰি অহাৰ ফটো আৰু ভিডিঅ' সংবাদ মাধ্যমক প্ৰদান কৰে যুৱ কংগ্ৰেছ নেতৃত্বই। প্ৰয়োজন হ'লে ৰাজহ চক্ৰ বিভাগে উক্ত মাটিত উচ্ছেদ চলাওক কিম্বা মালিকীস্বত্ব চমজি লওক বুলি কৈ কংগ্ৰেছ নেতৃত্বই তাৰ পৰিৱৰ্তে ৰাজীৱ দাস বাহিনীয়ে চলোৱা উচ্ছেদ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ।

তেনেদৰে সোনাৰী চাপৰি ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰৰ প্ৰায় ৫বিঘা মাটি বেদখল হোৱা আৰু এই বেদখলত সোনাৰী চাপৰি পঞ্চায়তৰ গেৰুৱা দলৰ সভাপতি মনজিৎ সোণোৱাল জড়িত থকাৰো অভিযোগ উত্থাপন কৰে দলৰ নেতৃত্বই। দলৰ লখিমপুৰ জিলা সামাজিক মাধ্যম কোষৰ সম্পাদক কেশৱ কুমাৰ নাথে গেৰুৱা পঞ্চায়ত সভাপতি সোণোৱালৰ এনে চৰকাৰী ভূমি বেদখল কাণ্ডৰ বিৰুদ্ধে চিকিৎসালয় পৰিচালনা সমিতি ,মহকুমাধিপতি সকলোকে লিখিত অভিযোগ দাখিল কৰিছে বুলি কৈ তৎকালে তদন্ত কৰি এই সকলোবোৰ অবৈধ দখল উচ্ছেদ কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে।

Also Read: পুনৰ হাত দাঙিলে এগৰাকী বিষয়াই