ডবকাৰ শালবাগানত দাওঁদাওঁকৈ জ্বলিল এখন শিল ভৰ্তি ডাম্পাৰ...

ডবকাৰ শালবাগানত দাওঁদাওঁকৈ জ্বলিল এখন শিল ভৰ্তি ডাম্পাৰ...

ডিজিটেল সংবাদ,ডবকা : ডবকাৰ শালবাগানত সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ড । ডবকাৰ শালবাগানৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এই অগ্নিকাণ্ড । পথৰ দাতিত হঠাৎ দাওঁদাওঁকৈ জ্বলি উঠিল এখন শিল ভৰ্তি ডাম্পাৰ ।

জুই লগাৰ পাছতেই স্থানীয় ৰাইজৰ সহযোগত ডবকা আৰক্ষীয়ে খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক । অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলিত ততাতৈয়াকৈ উপস্থিত হৈ নিৰ্বাপন কৰে জুই । কিছু সময়ৰ পাছতেই অগ্নি নিৰ্বাপন কৰা হয় যদিও দুৰ্ঘটনাটিৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত পৰিলক্ষিত হয় ব্যাপক যান-জটঁৰ । 

এতিয়ালৈ অগ্নিকাণ্ডৰ অন্তৰালৰ কাৰণটো জানিবলৈ পৰা হোৱা নাই যদিও প্ৰত্যক্ষদৰ্শীৰ মতে বৈদ্যুতিক বিজুতিৰ বাবেই সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে দুৰ্ঘটনাটো ।ডবকা আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যেই তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিছে সংবাদ মাধ্যমৰ সন্মুখত ।

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা হালধিআটীৰ শুভাংকৰ দেৱনাথৰ মালিকাধীন AS 09 AC 9223 নম্বৰৰ এই ডাম্পাৰ খন কাৰ্বি আংলঙৰ পৰা বল্ডাৰ কঢ়িয়াই আহি আছিল ডবকা অভিমুখে ।

আনহাতে, ডেৰ মাহ পূৰ্বেও ডবকাৰ শালমাৰাত অনুৰূপ ধৰণে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছিল আন এখন ডাম্পাৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in