ঘিলাগুৰীত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ঘিলাগুৰীত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

author-image
Asomiya Pratidin
New Update
ঘিলাগুৰীত দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ

ডিজিটেল সংবাদ,চিৰাংঃ বাসুগাঁও চহৰৰ সমীপৰ ঘিলাগুৰীত সংঘটিত হয় নিৰ্বাচনী হিংসাৰ ঘটনা। বুধবাৰে মাজ নিশা ৩ নং বৰপেটা লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ত উদ্বোধন কৰাৰ আগতেই দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

উল্লেখ্য যে,আজি উদ্বোধনৰ উদ্দেশ্যে ঘিলাগুৰী গাঁৱত কালি বিয়লিৰ ভাগত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়টো বনোৱা হৈছিল। কিন্তু নিশা দুৰ্বৃত্তৰ দ্বাৰা অগ্নিসংযোগ কৰাত কাৰ্যালয়ৰ বিস্তৰ ক্ষতিসাধন হয়।

সৌভাগ্য ক্ৰমে উক্ত অগ্নিকাণ্ডৰ পৰা নিৰ্বাচনী কাৰ্যালয়ৰ গাতে লাগি থকা কেইবাটাও বাসগৃহ কথমপি ৰক্ষা পৰে।ঘটনাক কেন্দ্ৰ কৰি ঘিলাগুৰী এলেকাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

chirang news dulu ahmed #loksabha2024 #loksabhaelection