উত্তৰ-পূৰ্বাঞ্চল হৈছে কেন্সাৰৰ ৰাজধানীঃ ড০ অমলচন্দ্ৰ কটকী

ড০ কটকীয়ে বক্তব্যত কম বয়সতে ঋতুস্ৰাৱ, অনিয়মীয়া ঋতুস্ৰাৱ, সন্তানহীনতা, দেৰীকৈ সন্তান প্ৰসৱ হোৱা, স্তনপান নকৰোৱা, বংশগত স্তন কৰ্কট ৰোগ, মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ কথা উল্লেখ কৰে
উত্তৰ-পূৰ্বাঞ্চল হৈছে কেন্সাৰৰ ৰাজধানীঃ ড০ অমলচন্দ্ৰ কটকী

ডিজিটেল সংবাদ,নগাঁও : দুলাল চন্দ্ৰ গোস্বামী ন্যাস আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষ, নগাঁও কলেজ (অট’নমাচ) ৰ উদ্যোগত ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা প্ৰদান’ অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হৈ যায়। আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই অনুষ্ঠানৰ আঁত ধৰে।

কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সভাপতিত্ব কৰা এই বঁটা প্ৰদান অনুষ্ঠানত ড০ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা বিশিষ্ট কৰ্কট ৰোগ চিকিৎসক ড০ অমল চন্দ্ৰ কটকী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ডা° কটকীয়ে ২০২২ বৰ্ষৰ ‘দুলাল চন্দ্ৰ গোস্বামী স্মাৰক গৱেষণা বঁটা’ নগাঁও কলেজ (অট’নমাচ) ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক লক্ষ্যজ্যোতি বৰঠাকুৰ আৰু অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ড০ টিকেন দাসক প্ৰদান কৰে।

এই অনুষ্ঠানতে বিশিষ্ট অতিথি আলোক গোস্বামীয়ে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপক ড০ আফজালুৰ ৰহমানৰ ‘Introduction to Development Psychology’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড০ অমল চন্দ্ৰ কটকীয়ে কয় যে জীৱন শৈলী আৰু খাদ্যাভাসৰ বাবে পশ্চিমীয়া দেশ আৰু ভাৰতবৰ্ষৰ কৰ্কট ৰোগৰ মাজত পাৰ্থক্য আছে। ড০ কটকীয়ে বক্তৃতাত উল্লেখ কৰে যে ধঁপাতজাতীয় দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় সমীক্ষাত ২৮শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাণ্চলত ৪৫.৭ শতাংশ কৰ্কট ৰোগ হয় লগতে মাদক দ্ৰব্য সেৱনৰ ফলত সৰ্বভাৰতীয় ১২শতাংশৰ তুলনাত উত্তৰ-পূৰ্বাণ্চলত ২২.৩ শতাংশ জনসাধাৰণ কৰ্কট ৰোগৰ বলি হয়।

ড০ কটকীয়ে লগতে উল্লেখ কৰে যে সৰ্বভাৰতীয় সমীক্ষাত স্তন কৰ্কট ৰোগীৰ সংখ্যা হায়দৰাবাদ জিলাত ৪৮.০০ শতাংশৰ পৰিৱৰ্তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত চাৰ্ভিক্স ইউটেৰাই কৰ্কট ৰোগীৰ সংখ্যা ২৭.৭ শতাংশ। একেদৰে গৰ্ভাশয় কৰ্কট ৰোগ অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত ১৩.৭ শতাংশৰে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক।

প্ৰাপ্তবয়স্কপ্ৰাপ্ত হোৱাৰ পূৰ্বে বিবাহ, কম বয়সত গৰ্ভধাৰণ, গৰ্ভধাৰণৰ ব্যৱধান কম হোৱা, দুৰ্বল পুষ্টি, পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ অভাৱ, যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত মহিলা, পুৰুষ-মহিলাৰ একাধিক যৌন সংগী, ধূমপান আদি একাধিক কৰ্কট ৰোগৰ আশংকিত কাৰকৰ কথা বক্তব্যত উল্লেখ কৰে। ড০ কটকীয়ে বক্তব্যত কম বয়সতে ঋতুস্ৰাৱ, অনিয়মীয়া ঋতুস্ৰাৱ, সন্তানহীনতা, দেৰীকৈ সন্তান প্ৰসৱ হোৱা, স্তনপান নকৰোৱা, বংশগত স্তন কৰ্কট ৰোগ, মেদবহুলতা আদি আশংকিত স্তন কৰ্কট ৰোগৰ কথা উল্লেখ কৰে।

ড০ কটকীয়ে দ্ৰুত পৰীক্ষা, নিজাভাৱে স্তন পৰীক্ষা, জীৱন শৈলী, খাদ্যাভাস, কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰীক্ষা আদিৰ যোগেদি কৰ্কট ৰোগ নিয়ন্ত্ৰণত সহায়ক হ’ব আৰু এইক্ষেত্ৰত সামূহিক সজাগতাৰ কথাও উল্লেখ কৰে। ২০২২ চনৰ সমীক্ষা অনুসৰি অসমৰ প্ৰেক্ষাপটত কেৱল মাত্ৰ ২৪% জনসাধাৰণে সাধাৰণ কৰ্কট ৰোগৰ পৰীক্ষাৰ প্ৰতি সজাগ।

অনুষ্ঠানত ৫ শতাধিক অধ্যাপক-অধ্যাপিকা, গৱেষক ছাত্ৰ-ছাত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। শেষত ড০ ফৰিষ্টা য়াচমিনে শলাগৰ শৰাই আগবঢ়ায়।

উত্তৰ-পূৰ্বাঞ্চল হৈছে কেন্সাৰৰ ৰাজধানীঃ ড০ অমলচন্দ্ৰ কটকী
আমাৰ কিনে গাড়ী-বাইক, তেওঁলোকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in