প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, ঢকুৱাখনাত হাজাৰ হাজাৰ মাছৰ মৃত্যু…

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, ঢকুৱাখনাত হাজাৰ হাজাৰ মাছৰ মৃত্যু…

author-image
asomiyapratidin
New Update
প্ৰচণ্ড গৰমে দহিছে ৰাজ্য, ঢকুৱাখনাত হাজাৰ হাজাৰ মাছৰ মৃত্যু…

ডিজিটেল সংবাদ , ঢকুৱাখনা : প্ৰচণ্ড গৰমে দহিছে ঢকুৱাখনা । শুকুৰবাৰে দিনটো পুৱাৰ পৰা প্ৰচণ্ড গৰমে জন জীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত  অমুদ বৰবাৰী অঞ্চলত অসংখ্য থলুৱা প্ৰজাতিৰ মাছৰ  অকাল মৃত্যু ঘটিছে । অঞ্চলটোৰ  উজানতলীৰ  সমীপৰ চৰলা পথাৰৰ বিলৰ জলপৃষ্ঠত মৃত্যু হৈছে হাজাৰ হাজাৰ  থলুৱা জাতৰ মাছ ।

Advertisment

অমুদ বৰবাৰী গাঁওৰ ৰাইজে সংবাদ মাধ্যমক জনোৱা মতে  উজানতলি চৰলা পথাৰ বিলত আশ্ৰিত মাছ দুপৰীয়া সময়ত আকস্মিক ভাবে মৰি পানীত ওপঙি উঠা ৰাইজে প্ৰত্যক্ষ কৰে। সমগ্ৰ বিলখনৰ বিস্তীৰ্ণ এলেকাত এনে দৰে মাছৰ নিৰ্মম অপমৃত্যুৰ বাতৰিয়ে  জন সাধাৰণৰ মাজত প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে। তাৰোপৰি মৰি উপঙি যোৱা মাছবোৰ  গেলি পচি যোৱাৰ পৰিপ্ৰেক্ষিতত এক পুতি গন্ধময় আৰু প্ৰদূষিত  পৰিবেশৰ সৃষ্টি কৰিছে ।

থলুৱা প্ৰজাতিৰ মাছৰ এনে অকাল মৃত্যুৰ কাৰণ প্ৰচণ্ড গৰম বুলি প্ৰাথমিক দৃষ্টিত ধৰি লোৱা হৈছে যদিও ইয়াৰ অন্তৰালত বেলেগ কাৰক জড়িত থকাৰো আশংকা নুই কৰা নাই সমীপৰ ৰাইজে। মীন বিভাগৰ সঠিক তদন্তইহে ইয়াৰ বাস্তৱ কাৰণ পোহৰলৈ আনিব।

আৰু পঢ়ক: বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ তিনি গৰাকীকৈ লোক…

assam dhakuakhana