আচামী কঢ়িয়াই নিয়া আৰক্ষীৰ বাহন দলঙৰ ৰেলিং ভাঙি পৰিল পানীতঃ বিষয়াসহ কেইবাজনৰো অৱস্থা সংকটজনক...

দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনা...

author-image
Asomiya Pratidin
New Update
আচামী কঢ়িয়াই নিয়া আৰক্ষীৰ বাহন দলঙৰ ৰেলিং ভাঙি পৰিল পানীতঃ বিষয়াসহ কেইবাজনৰো অৱস্থা সংকটজনক...

accident accident

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল দুধনৈত। দুধনৈৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই দুৰ্ঘটনাত পলাশবাৰী আৰক্ষী থানাৰ এখন ব'লেৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি পানীত পৰে।

Advertisment

জানিব পৰা মতে আৰক্ষীৰ এটা দলে এজন আচামীক লগত লৈ যোৱাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত বাহনখনত আছিল পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, বিজয়নগৰ আৰক্ষী চকীৰ আই চি আৰু মহিলা আৰক্ষীসহ ৬ জন ব্যক্তি।

দুৰ্ঘটনাটোত মুঠ ৫ গৰাকী আৰক্ষীৰ লোক আৰু এটা আচামী আহত হৈছে। সেইসকল ক্ৰমে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, বিজয়নগৰ আৰক্ষী চকীৰ আই চি লাবণ্য বড়ো, পলাশবাৰী থানাৰ হীৰকজ্যোতি বণিয়া মাইনুল হক, দিপালী বৰা আৰু আচামী ইদ্ৰিছ আলী।

আহত আৰক্ষীৰ লোকসকলৰ ভিতৰত পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ ব্ৰহ্ম, মহিলা কনিষ্টবল দিপালী বৰা, বিজয় নগৰ আৰক্ষী চকীৰ আই চি লাবণ্য বড়োৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

অন্যাহাতে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত জানিব পৰা মতে বাহনখনৰ চালকগৰাকীয়ে যোৱা ৩ দিন ধৰি টোপনি মাৰিব পৰা নাই। যাৰ বাবে গাড়ী চলাই থকাৰ সময়তে তেওঁৰ টোপনি আহে। যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

Dudhnoi police accident Assam police