দুধনৈ ৰেল জংচনত দূৰণিবটীয়া ৰেল ৰখোৱাৰ দাবীত উত্তাল প্ৰতিবাদ

দুধনৈ ৰেল ষ্টেচনত দূৰণিবটীযা ৰেল ৰখোৱাৰ দাবীত বৃহস্পতিবাৰে দুধনৈ উন্নয়ন কমিটিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

author-image
Asomiya Pratidin
New Update
দুধনৈ ৰেল জংচনত দূৰণিবটীয়া ৰেল ৰখোৱাৰ দাবীত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, দুধনৈ: দুধনৈ ৰেল ষ্টেচনত দূৰণিবটীয়া ৰেল ৰখোৱাৰ দাবীত বৃহস্পতিবাৰে দুধনৈ উন্নয়ন কমিটিৰ উদ্যোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।দুধনৈ উন্নয়ন কমিটিৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ কেবা শতাধিক পুৰুষ-মহিলাই হাতে হাতে বেনাৰ, প্লে কাৰ্ড আদি লৈ দুধনৈত দূৰণিবটীয়া ৰেল ৰখোৱাৰ দাবীত শ্লগান দি দুধনৈ ৰেল ষ্টেচনৰ চৌহদ উত্তাল কৰি তোলে ।

আন্দোলনকাৰীৰ সকলে ৰেল অৱৰোধ কৰাৰ বাবে ৰেলৱে ট্ৰেকলৈ অগ্ৰসৰ হয়। কিন্তু ৰেলৱে পুলিচ, অসম আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে বাধা প্ৰদান কৰাত ৰেল ষ্টেচনৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । অৱশেষত ষ্টেচন মাষ্টাৰ আন্দোলনকাৰীৰ সন্মুখত আহি দূৰণিবটীয়া ৰেল ৰখোৱাৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰে ।

আৰু পঢ়ক: পোলিং এজেণ্টক প্ৰহাৰ, বাওঁ কৰ্মীৰ ঘৰত বোমা বিস্ফোৰণঃ উত্তপ্ত ত্ৰিপুৰাৰ নিৰ্বাচন...

protest