ডি.এছ.পিৰ চাকৰি, ৫০ লাখ টকা প্ৰদান নয়নমণি শইকীয়াক…

ডি.এছ.পিৰ চাকৰি, ৫০ লাখ টকা প্ৰদান নয়নমণি শইকীয়াক…

author-image
asomiyapratidin
New Update
ডি.এছ.পিৰ চাকৰি, ৫০ লাখ টকা প্ৰদান নয়নমণি শইকীয়াক…

ডিজিটেল ডেস্ক : ডি.এছ.পি হ'ল নয়নমণি শইকীয়া। বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ কমনৱেলথ গেমছত লন বলত সোণৰ পদত অৰ্জন কৰিছিল অসমৰ গোলাঘাট জিলাৰ নয়নমণি শইকীয়াই। অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ বাবে অসম চৰকাৰে নয়নমণিক ডি.এছ.পি অথবা বন বিভাগৰ ডিপুটি কামাণ্ডেণ্ট পদত নিযুক্তি দিম বুলি ঘোষণা কৰিছিল।

শনিবাৰে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা নয়নমণিক ডি.এছ.পি পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও ৰাজ্যচৰকাৰে নয়নমণিক ৫০ লাখ টকা ধন পুৰস্কাৰ হিচাপে আগবঢ়ায়।

assam himanta biswa sarma guwahati Assam police