দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজি সন্ধিয়া ৫-০০বজাৰ পৰা ড্ৰাই ডে’ ঘোষণা

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো

ডিজিটেল ডেস্ক : দেশৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি কৰা হৈছে এক নিৰ্দেশনা। নিৰ্বাচন আয়োগে জাৰি কৰা এই নিৰ্দেশনাযোগে বুধবাৰৰ সন্ধিয়া ৫-০০ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

অৱশ্যে সমগ্ৰ অসমৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হোৱা নাই। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱতহে প্ৰযোজ্য হ’ব নিৰ্দেশনা। কিয়নো এইকেইটা অঞ্চলতহে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব।

আজি সন্ধিয়া ৫-০০বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়াপৰ্যন্ত উল্লেখিত অঞ্চলসমূহত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব বুলি আয়োগে নিৰ্দেশনাত উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in