/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9c21eedd-b174-4898-9217-46c1847e2323/klkllk.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ আৰক্ষীৰ অভিযানত তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। উল্লেখ্য যে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ এটা অভিযানকাৰী দলে বুধবাৰে পুৱা জপৌবাৰীত অভিযান চলাই বাবলু খান নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ধৃত বাবলু খানৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বনাথ নগৰৰ বিদ্যুত বিভাগৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ দলটোয়ে।সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে প্ৰায় চাৰি গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আনহাতে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে কিছু দিনৰ পৰা ৰাজ্যত ড্ৰাগছ তথা নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।কিন্তু তাৰ মাজতে ৰাজ্যৰ লগতে বিশ্বনাথতো একাংশ যুৱ প্ৰজন্মই কিন্তু দিনক দিনে এই নিচা জাতীয় সামগ্ৰীৰ প্ৰতি বেছিকৈ আসক্ত হৈ বিভিন্ন অপৰাধ জনীত ঘটনাৰ লগত জড়িত হৈ পৰা দেখা গৈছে।
যাৰ ফলত অসম আৰক্ষীৰ লগতে বিশ্বনাথ আৰক্ষীয়েও বিশ্বনাথত এই বিষাক্ত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে।অবশেষ তিনিজনকৈ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিশ্বনাথ আৰক্ষীয়ে।
Also Read: আত্মসমৰ্পনঃ মূলসূতিলৈ উভতিল ৪ জনকৈ আলফা(স্বা) কেডাৰ