
ডিজিটেল সংবাদ, তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ চুকে-কোণে সম্প্ৰতি সুলভ হৈ পৰিছে মাৰাত্মক ড্ৰাগছ । আৰক্ষীৰ ধাৰাবাহিক অভিযানেও ৰুদ্ধ কৰিব পৰা নাই ড্ৰাগছৰ অবৈধ বেহা । ৰে'ল আৰু বাছযোগে জিলাখনলৈ দৈনিক ড্ৰাগছৰ সৰবৰাহ অব্যাহত আছে বুলি আৰক্ষীৰ অভিযানত ইতিমধ্যে পোহৰলৈ আহিছে । বি
শেষকৈ ডিমাপুৰৰ পৰা ৰে'ল আৰু নৈশ বাছত জিলাখনলৈ অধিক ড্ৰাগছ সৰবৰাহ হোৱা বুলি জানিব পৰা গৈছে । ইফালে গাঁৱে-ভূঞে, চহৰে-নগৰে সুলভ হৈ পৰা এই ড্ৰাগছৰ প্ৰতি অতি সহজেই আকৃষ্ট হৈছে নৱ-প্ৰজন্ম । ফলত ল ঘৰে ঘৰে উদ্ভৱ হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ । আইন-শৃংখলতাটো পৰিছে বিৰূপ প্ৰভাৱ ।
মাতৃৰ হিয়াভঙা কান্দোনে বুকু ভেদিছে বিভিন্নজনৰ । অন্যহাতে আৰক্ষীৰ দৈনিক অভিযানত জব্দ হৈছে বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ । জালত পৰিছে ইটোৰ পিছত সিটো সৰবৰাহকাৰী অথবা সেৱনকাৰী । তৎস্বত্তেও জিলাখনত নিয়ন্ত্ৰণ হোৱা নাই এই ভয়ংকৰ বেহা ।
ইয়াৰ মাজতে বুধবাৰে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত যোৱা এক আৰক্ষী দলে চহৰখনৰ দহোতীয়া চুকৰ এটা ভাড়াঘৰত অভিযান চলাই প্ৰায় ২৫ লাখ টকা মূল্যৰ সন্দেহজনক হেৰ'ইন জব্দ কৰিছে । আটক কৰিছে তিনি সৰবৰাহকাৰীক । ধৃত তিনি সৰবৰাহকাৰী ক্ৰমে ৰজনী লাইটং পাম, গংগা চিংকু আৰু বিকি সিনহা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে । জব্দকৃত ড্ৰাগছখিনি ধৃত দুই মহিলা ৰজনী লাইটং পাম আৰু গংগা চিংকুৱে ডিমাপুৰৰ পৰা তিনিচুকীয়া চহৰৰ দহোটীয়াচুকৰ নিৰ্দিষ্ট ভাড়া ঘৰটোলৈ আনিছিল ।
ড্ৰাগছখিনি আজি বিকি সিনহা আৰু এজন যুৱকে তিনিচুকীয়াৰ পৰা ধেমাজি আৰু ধেমাজিৰ পৰা অৰুণাচললৈ সৰবৰাহ কৰিবলৈ যো-জা চলাই থাকোতেই অভিযানকাৰী দলটোৱে দহোতীয়া চুকৰ নিৰ্দিষ্ট ভাড়াঘৰটোত অভিযান চলায় । অভিযানকালত আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ১২৫•৫৭ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে । জব্দকৃত হেৰ'ইনখিনিৰ বজাৰমূল্য প্ৰায় ২৫ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । উল্লেখ্য যে, বিগত এটা মাহত তিনিচুকীয়া সদৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই প্ৰায় এক কোটি বিশলাখ টকা মূল্যৰ ড্ৰাগছ আৰু গাঞ্জা জব্দ কৰিছে ।