/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/5a22ef7b-5fcb-4e2f-a603-3a5720177d0c/dru.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ মঙলবাৰে নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়া আৰু নামৰূপ আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হয় ড্ৰাগছ। নামৰূপৰ নিগাম তিনিআলিৰ পৰা ৬.১৪ গ্ৰাম ড্ৰাগছ আৰু নগদ ৩২,৭১০ টকা সহ ৰণিত চেতিয়া নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
উল্লেখ্য যে দীৰ্ঘ দিনৰ পৰা নাহৰকটীয়া আৰু নামৰূপ অঞ্চলত ড্ৰাগছৰ এখন নিষিদ্ধ বজাৰ গঢ়ি উঠিছিল । আজি আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাই উক্ত ড্ৰাগছ সৰবৰাহকাৰীটো আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আধিক তথ্যৰ বাবে যুৱক জনক জেৰা অব্যাহত ৰাখিছে ।
Also Read: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দায়িত্ব কাক দিয়াৰ সিদ্ধান্ত ল'লে কংগ্ৰেছে?