/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/07023d46-caaa-4653-9d04-54ec8e423c8a/lumding.jpg)
ডিজিটেল সংবাদ, লামডিং: ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে ৰে'ল নগৰী লামডিং ৷ লামডিঙৰ অলিয়ে গলিয়ে সক্ৰিয় হৈ পৰিছে ড্ৰাগছ ব্যৱসায়ী তথা ড্ৰাগছ আসক্ত যুৱক ৷ লামডিঙৰ আৰক্ষীৰ অভিযানত এটাৰ পিছত এটা ড্ৰাগছ ব্যৱসায়ক কৰায়ত্ত কৰিছে যদিও দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা ৷
পুনৰ বাৰ লামডিং আৰক্ষীৰ জালত দুজনকৈ ড্ৰাগছ আসক্ত দুজন যুৱক ৷ লামডিঙ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্ব আজি সন্ধিয়া ভাগত লামডিঙৰ বি এম বি স্কুল ৰ'ডত অভিযান চলায় ৷ অভিযান ৬.১ গ্ৰাম ড্ৰাগছ সহ লামডিঙৰ সঞ্জয় উৰফে ৰিকি নাগ (২০) আৰু বিট্টু দাস (৩৩) নামৰ দুজনক আটক কৰিবলৈ সক্ষম হয় ৷
ড্ৰাগছ বিৰুদ্ধে লামডিঙ আৰক্ষী তৎপৰ হৈছে যদিও দুগুনে সক্ৰিয় হৈছে ব্যৱসায়ী তথা সেৱনকাৰী সকল ৷বৰ্তমান লামডিঙ আৰক্ষীবিষয়া গৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে দিনে নিশাই অভিযান চলোৱা পৰিলক্ষিত হৈছে।