/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/drugs.jpg)
ডিজিটেল সংবাদ, লামডিং'-লামডিঙত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে লামডিং আৰক্ষী ৷ পুনৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহস্পতিবাৰে ড্ৰাগছসহ দুজন ব্যক্তিক আটক কৰে লামডিঙ আৰক্ষীয়ে ৷
ঘটনা অনুসৰি লামডিঙ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজ্যোতি বৰাৰ নেতৃত্বত এটা আৰক্ষী দলে লামডিঙৰ কল্যান নগৰ অঞ্চলত অভিযান চলায় ৷ অভিযানত আৰক্ষীয়ে ৬২ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে ৷ আনফালে আজি ব্ৰাউন ছুগাৰখিনি সৰবৰাহ কৰি অনা দুজনকৈ ড্ৰাগছ প্ৰেডলাৰক আটক কৰিবলৈ সক্ষম হয় ৷আটক কৰা ব্যক্তি দুজন হোজাইৰ সুসান্ত চৰকাৰ আৰু লামডিঙৰ সঞ্জয় মণ্ডল হয় বুলি জনায় আৰক্ষীয়ে ৷
জব্দ কৰা ৬২ গ্ৰাম ব্ৰাউন ছুগাৰখিনিৰ বজাৰৰ মূ্ল্য আনুমানিক দুই লাখ টকা হব বুলি জনায়৷ ইয়াৰ লগতে লামডিং আৰক্ষীয়ে এই সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে যদিও লামডিঙৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দনজোত্যি বৰাই লামডিঙৰ অভিভাৱক সকলকো এই ক্ষেত্ৰত নিজৰ সন্তানৰ প্ৰতি সাৱধান হবলৈও অনুৰোধ জনায় ৷ যদিহে অভিভাৱক সকলে নিজৰ সন্তানক ভালদৰে চকুৰ নজৰত চোৱাচিতা কৰে তেনেহ'লে ড্ৰাগছমুক্ত লামডিঙ গঢ়িব পাৰিব ৷ ড্ৰাগছৰ বিৰুদ্ধে লামডিং আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহন কৰিছে ৷
আৰু পঢ়ক: ৰাজ্য় জোকাৰি যোৱা অভি, নীল হত্যাকাণ্ড গোচৰৰ শুনানি…