/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/aa.png)
ডিজিটেল ডেস্ক: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ যিমানেই কঠোৰ নহওঁক কিয় একাংশ ড্ৰাগছ মাফিয়াই কেৰেপ নকৰে আৰক্ষীৰ ৰঙা চকুলৈ ৷
ভাৰতীয় ৰেল যোগে এতিয়া ৰাজ্যত সৰবৰাহ কৰা হৈছে লাখ লাখ টকাৰ ব্ৰাউন চুগাৰ ৷ মঙলবাৰে লামডিঙ ৰেলৱে ষ্টেচনত লামডিঙ জি আৰ পি য়ে তালাচী চলাই ৰেলৰ ডবাৰ পৰা উদ্ধাৰ কৰে ২৬৯ গ্ৰাম বাউন চুগাৰৰ টেমা ৷
১৫৬৭০ নম্বৰ ডিব্ৰুগড় গুৱাহাটী নামনিমুৱা নাগালেণ্ড এক্সপ্ৰেছৰ খনৰ সাধাৰন ডবাত জি আৰ পিয়ে তালাচী চলাই থকাৰ সময়তে পোন্ধৰটা চাবোনৰ কেচত উদ্ধাৰ কৰে ব্ৰাউন চুগাৰ খিনি ৷
উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰখিনিৰ বজাৰৰ মূল্য প্ৰায় ৫০ লাখ টকা হ'ব বুলি জানিব দিয়ে আৰক্ষীয়ে ৷ আনফালে উক্ত ঘটনাত এজনো ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম নহ'ল আৰক্ষী ৷ বৰ্তমান দুষ্ট চক্ৰই অবৈধ ব্যৱসায়ী চলোৱাৰ বাবে ভাৰতীয় ৰেল সমূহক মাধ্যম হিচাপে বাচি লৈছে কিন্তু আশ্চৰ্য্যজনক কথা যে লামডিঙত উদ্ধাৰ হোৱা ড্ৰাগছ অথবা ভাং সৰবৰাহকাৰী ব্যৱসায়ী আটক কৰিবলৈ সক্ষম নহল জি আৰ পি য়ে।