/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/kokrajhar.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ:– কোকৰাঝাৰ আৰক্ষীয়ে সোমবাৰে সদৰ চহৰৰ শান্তিনগৰৰ হনুমান মন্দিৰৰ ওচৰত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা ২৫ টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হৈছে । আৰক্ষীৰ হাতত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰীটোক ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ছিৰাজুল হক বুলি আৰক্ষীয়ে সদৰি কৰিছে ।
কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) লামহু ডংগেলে(Lamhow Dongal) সদৰি কৰা মতে এক বিশেষ সূত্ৰৰ পম খেদি আজি কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে'ৰ নেৰ্তৃত্বত সদৰ চহৰৰ শান্তিনগৰৰ হনুমান মন্দিৰৰ ওচৰত অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে তেওঁৰ জিন্মাৰ পৰা ২৫ টা ড্ৰাগছৰ কণ্টেইনাৰ জব্দ কৰে ।
জব্দকৃত ড্ৰাগছখিনি হিৰোইন হ'ব পাৰে বুলি উল্লেখ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) লামহু ডংগেলে সম্প্ৰতি আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোক অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰখা হৈছে বুলি সদৰি কৰিছে ।
আৰু পঢ়ক: বানৰ সংহাৰৰ মাজতই নিপকোই খুলি দিলে ৰঙানদী আৰু ডিক্ৰং বান্ধৰ পানী…