/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/gs-dddd.jpg)
ডিজিটেল সংবাদ, গোলাঘাট; গোলাঘাটৰ আৰক্ষীয়ে মঙলবাৰে প্ৰায় এক কোটি টকাৰ ড্ৰাগছ জব্দ কৰাৰ লগতে চাৰিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি স্বাধীনতা দিৱস উপলক্ষে আজি আৰক্ষীয়ে হেমচন্দ্ৰ গোস্বামী পথত চলোৱা তালাচীৰ সময়তে ডিমাপুৰ দিশৰ পৰা অহা এখন বলেৰ" পিক আপ ভানক আৰক্ষীয়ে ৰবলৈ সংকেত দিয়ে যদিও গাড়ীখন তীব্ৰ গতিৰে আতৰি যাব বিচাৰে।
আৰক্ষীয়েও খেদি গৈ গাড়ীখনৰ চকাত গুলীয়া'বলৈ ধৰাত গাড়ীখন ল'বলৈ বাধ্য হয়। গাড়ীখনৰ পৰা ২৬ টা কন্ট্ৰেইনাৰত অনা হেৰ'ইনখিনি আৰক্ষীয়ে জব্দ কৰে । জানিব পৰা মতে নাগালেণ্ডৰ পৰা উজনি অসম অভিমুখী AS003CC 1987 নম্বৰৰ বলেৰ' পিক আপ ভানখনৰ চীটৰ পাছফালে ড্ৰাগছ খিনি লুকুৱাই অনা হৈছিল। ।আটকাধীন চাৰি সৰবৰাহকাৰীৰ নাম আতিক ৰহমান,হাচিম আলি,চাজিদুৰ আলি, আৰু ইমতিয়াজ আহমেদ।
আৰু পঢ়ক: বিহাৰত চাচা-ভতিজাৰ চৰকাৰ