বকোত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

বকোত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

author-image
asomiyapratidin
New Update
বকোত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত বকো থানা আৰু সোণতলী আৰক্ষী চকীৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৬টা ড্ৰাগছ কণ্টেইনাৰ সহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত কালাতলীত ৰবিবাৰে এক গোপন সূত্ৰৰ পম খেদি বকো থানাৰ আৰক্ষী আৰু সোণতলী আৰক্ষী চকীৰ আৰক্ষীয়ে যৌথ অভিযান চলায়।

আৰক্ষীয়ে কলাতলী বজাৰত ৬টা কণ্টেইনাৰ সহ ৰাবুল আলম (২০) নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে । ৰাবুল আলমৰ ঘৰ কালাতলীত। সম্প্ৰতি আৰক্ষীয়ে ৰাবুল আলমক অধিক তথ্যৰ বাবে সোণতলী আৰক্ষী চকীত সোধা-পোছা অব্যাহত ৰাখিছে ।

আৰু পঢ়ক: বটদ্ৰৱাৰ পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পদত্যাগৰ দাবী অখিল গগৈৰ…

drugs BOKO assam