ড্ৰাগছ সহ গ্ৰেপ্তাৰ মহিলা…

ড্ৰাগছ সহ গ্ৰেপ্তাৰ মহিলা…

author-image
asomiyapratidin
New Update
ড্ৰাগছ সহ গ্ৰেপ্তাৰ মহিলা…

ডিজিটেল সংবাদ, বোকাজান: এক গোপন সূত্ৰৰ ভিত্তিত বোকাজান ৰেʼল আৰক্ষীৰ এটা দলে উজনিমুৱা পেচেঞ্জাৰ ৰেলখনত এক তালাচী অভিযান চলাই বৃহত পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। বোকাজানৰ পৰা ফৰকাটিঙৰ মাজত উজনিমুৱা পেচেঞ্জাৰ ৰেলখনৰ বিকলাংগৰ বাবে থকা বিশেষ ডবাত তালাচী চলাই এগৰাকী মহিলা যাত্ৰীৰ পৰা ২০ টা চাবোনৰ বাকচত মুঠ ২৩২ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়।

Advertisment

আৰক্ষীয়ে সৰবৰাহৰ সৈতে তিনিচুকীয়া জিলাৰ ফিলনবাৰী চাহবাগিচাৰ বাসিন্দা হেমা দেৱী চেত্ৰী (৫৫) নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য প্ৰায় এককোটিৰো অধিক হ'ব বুলি ৰেল আৰক্ষীয়ে জানিবলৈ দিছে।

আৰু পঢ়ক: কলিয়াবৰত নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত পৰিল বাহন, মৃত্যু ৪ জনৰ…

assam drugs seized bokajan