বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক ড্ৰাগছ মাফিয়া বাবুল হুছেইন

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ধূপগুৰিত অভিযান চলাই মঙলবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ আটক ড্ৰাগছ মাফিয়া বাবুল হুছেইন

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ধূপগুৰিত অভিযান চলাই মঙলবাৰে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সৰবৰাহকাৰীটো বটদ্ৰৱা সমষ্টিৰ বড়িবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত শিলপুখুৰীৰ বাবুল হুছেইন বুলি জানিব পৰা গৈছে।

Advertisment

আৰক্ষীয়ে জানিব দিয়া মতে , বাবুল হুছেইনৰ পৰা ১৩ হাজাৰ ৫০০ টা নিচাজাতীয় টেবলেট জব্দ কৰে। এক গোপন সূত্ৰৰ পম খেদি ধিং আৰক্ষীয়ে ধিঙৰ ধূপগুৰীত চলোৱা অভিযানত জব্দ হয় এই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটখিনি। জব্দ হোৱা টেবলেট খিনিৰ বজাৰ মূল্য প্ৰায় ১ লাখ টকা‌। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Also Read: কিশোৰী ধৰ্ষণকাৰী কুদ্দুছ আলীক সশ্ৰম কাৰাদণ্ড আদালতৰ

Assam police