বহু কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী…

বহু কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী…

author-image
asomiyapratidin
New Update
বহু কোটি টকাৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ৩ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, বোকাজান: বোকাজানত পুনৰ প্ৰায় ৫ কোটি টকাৰ ড্ৰাগছ জব্দ। খটখটি আৰক্ষীৰ বিশেষ নাকা তালাচীত জব্দ ৭১১ গ্ৰাম ড্ৰাগছ।

NL01 H 3804 নম্বৰৰ এখন মাৰুটি ভানত আনিছিল ড্ৰাগছখিনি। খটখটিৰ এখন হোটেলৰ সন্মুখত জব্দ কৰে ড্ৰাগছখিনি।

ডিমাপুৰৰ পৰা ৫৫ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি। ৩ ড্ৰাগছ সৰবৰাহকাৰী ভিতছ' পহেনা, চোংগোৱা দুকৰ আৰু চালওনি পহেলা আটক খটখটি আৰক্ষীৰ।

ধৃত তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ নাগালেণ্ডত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ড্ৰাগছৰ লগতে দুটা মোবাইল ফোন আৰু নগদ ২৩ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে।

drugs assam bokajan Assam police