/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/drugs-2.jpg)
ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীৰ জালত পৰিছে পাঁচ জনকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷ আৰক্ষীয়ে তিনিটা স্থানত চলোৱা অভিযানত এই সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিছে ৷
আৰক্ষী সুত্ৰ মতে শেনচোৱাৰ পৰা আৰক্ষীয়ে ভূপেন কলিতাক গ্ৰেপ্তাৰ কৰে ৷ ভূপেনৰ জিম্মাৰ পৰা ১৪ টা হেৰ'ইনৰ কন্টেইনাৰ উদ্ধাৰ কৰে ৷ সৰবৰাহকাৰীজনৰ ঘৰ গুৱাহাটীৰ পলাশবাৰীত ৷ আন এক অভিযানত আৰক্ষীয়ে খাগৰিজান কলেজৰ ওচৰৰ পৰা নেকিবুৰ ৰহমান আৰু জেহিৰুল ইছলাম নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷
দুয়োজনৰ পৰা ১০ টা হেৰ'ইনৰ কন্টেনাৰ উদ্ধাৰ কৰে ৷ নেকিবুৰৰ ঘৰ মধুপুৰত আৰু জেহিৰুলৰ ঘৰ শিয়ালমাৰীত ৷ ইফালে চোটৰূপহীত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে মেৰাজুল হক আৰু চাদিকুল ইছলামক ৷ দুয়োৰে হাতৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৫ টা হেৰ'ইনৰ কন্টেনাৰ ৷
আৰক্ষীয়ে চলোৱা এই অভিযানৰ নেতৃত্ব বহন কৰিছিল নগাঁও সদৰ থানাৰ বিষয়া মনোজ ৰাজবংশী আৰু হয়বৰগাঁৱৰ টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰীয়ে ৷