মৰিকলঙৰ পৰা মহিলা সহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ…

মৰিকলঙৰ পৰা মহিলা সহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ…

author-image
asomiyapratidin
New Update
মৰিকলঙৰ পৰা মহিলা সহ দুই ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীৰ…

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও চহৰৰ হোটেলবাৰীৰ পৰা শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ ব্যৱসায়ীক ৷ ইয়াৰে এজন পুৰুষ আৰু এগৰাকী মহিলা ৷

Advertisment

গ্ৰেপ্তাৰ হোৱা পুৰুষ ব্যৱসায়ীজনৰ নাম হৈছে বিকি হুছেইন বুলি জানিব পৰা গৈছে ৷ আনহাতে আৰক্ষীয়ে কৰায়ত্ব কৰা মহিলাগৰাকীৰ নাম হৈছে চাচু ওৰফে চামচুনগ নেহাৰ ৷

শনিবাৰে পুৱা ভাগত আৰক্ষী বিষয়া চিৰঞ্জিব লাহনৰ নেতৃত্বত মৰিকলঙ আৰক্ষী চকীৰ দল এটাই হোটেল বাৰীত অভিযান চলাইছিল ৷ এই অভিযান কালত মহিলা সহ দুই ড্ৰাগছ ব্যৱসায়ী কৰায়ত্ব হয় ৷ আৰক্ষীয়ে ব্যৱসায়ী দুজনৰ জিম্মাৰ পৰা বুজন সংখ্যক হেৰ'ইন , ড্ৰাগছ হিচাপে ব্যৱহাৰ হোৱা কফ চিৰাপ , দুটা মবাইল , বিশটা গেছ লাইটাৰ উদ্ধাৰ কৰে ৷

Assam police nagaon drugs