বোকাজানত ড্ৰাগছ সহ এজনক আটক…

বোকাজানত ড্ৰাগছ সহ এজনক আটক…

author-image
asomiyapratidin
New Update
বোকাজানত ড্ৰাগছ সহ এজনক আটক…

ডিজিটেল সংবাদ, বোকাজান: আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ দিনাই বোকাজানত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ। বোকাজানৰ ডিলাইত প্ৰায় ১৫ লক্ষাধিক টকাৰ ড্ৰাগছ জব্দ হয়।

Advertisment

বোকাজানৰ ডিলাই আৰক্ষী নাকা তালাচীত জব্দ প্ৰায় ১৮৪ গ্ৰাম ড্ৰাগছ। ডিমাপুৰৰ পৰা এখন চুইফট ডিজায়াৰ বাহনত লুকুৱাই আনিছিল ড্ৰাগছখিনি।

ড্ৰাগছ সৰবৰাহকাৰী বাহাৰুল ইছলামক আটক কৰিছে ডিলাই আৰক্ষীয়ে। অন্যহাতে আন্ধাৰৰ সুযোগ লৈ আন এজন লোক পলাই যায়।ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়ক: বিজেপি ৰাষ্ট্ৰ হিতৰ কাম কৰা শক্তিৰ সৈতে থাকিব: বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক

drugs assam bokajan