/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/drugggg.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া : ড্ৰাগছৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য জুৰি অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দিছে একাংশ লোক ৷
বুধবাৰে লখিমপুৰৰ বঙালমৰা ইছলামপুৰত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে ড্ৰাগছ সৰবৰাহকাৰী শহুৰ জোৱাঁইক ৷ ইছলামপুৰ বেছাপট্টীৰ আতিকুল ইছলাম আৰু আৰ্জত আলি নামৰ সৰবৰাহকাৰী দুটাক ৰাইজে লপা থপা দি বিহপুৰীয়া আৰক্ষীক চমজাই দিয়ে ৷
পৰৱৰ্তী সময়ত আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ বাসগৃহত অভিযান চলাই ১৩.৩২ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে৷ উল্লেখযোগ্য যে বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাই আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও ৰোধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা ৷