/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/dr.png)
ডিজিটেল সংবাদ, বোকাজান: ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। ১২ জানুৱাৰীত বোকাজান আৰক্ষীয়ে অভিযান চলাই বাবা হাজৰিকাৰ ঘৰৰ পৰা জব্দ কৰিছিল বুজন পৰিমাণ ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ।
ড্ৰাগছৰ সাম্ৰাজ্যৰে বোকাজানৰ খটখটিত গঢ়ি তুলিছিল বিশাল সম্পত্তি সাম্ৰাজ্য। দীৰ্ঘদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰিছিল বাবা হাজৰিকাই।
বোকাজান আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু বন্যপ্ৰাণীৰ অংগ জব্দ কৰাৰ পাছতেই কলিকতাৰ SAFEM(FOP)A, NDPSA আইনৰ অধীনত বাবা হাজৰিকাৰ সম্পূৰ্ণ সম্পত্তি জব্দ কৰে।
পৰৱৰ্তী সময়ত এই সম্পত্তি নিলাম হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ইতিমধ্যে টুইট যোগে এই কথা সদৰি কৰি কাৰ্বি আংলং আৰক্ষীক প্ৰশংসা কৰিছে আৰক্ষী প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।