ড্ৰাগছ বিৰোধী অভিযান; ড্ৰাগছ সহ ফিৰোজ আহমেদ আটক…

ড্ৰাগছ বিৰোধী অভিযান; ড্ৰাগছ সহ ফিৰোজ আহমেদ আটক…

author-image
asomiyapratidin
New Update
ড্ৰাগছ বিৰোধী অভিযান; ড্ৰাগছ সহ ফিৰোজ আহমেদ আটক…

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ জাজৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত মঙলবাৰে ১০১ টা ড্ৰাগছ ভৰ্তি কন্টেনাৰ জব্দ হয়। আৰক্ষীয়ে ৯.০১ গ্ৰাম ড্ৰাগছ সহ ফিৰোজ আহমেদ নামৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে।

Advertisment

জাজৰি আৰু জুৰীয়া আৰক্ষী থানাৰ সীমামুৰীয়া দীঘলীয়াটি পাম গাঁৱত অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ।

উল্লেখ্য যে, ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে নগাঁও জিলাৰ পশ্চিমাঞ্চলত দীর্ঘ দিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। বৰ্তমান আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে।

আৰু পঢ়ক: মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৃতীয় বৰ্ষপূৰ্তি উদযাপন ….

assam nagaon batadrava