/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/4042aeb2-ae8f-4b60-9cd2-4d65d535b9c5/nogaon.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত আৰক্ষীৰ গুলীচালনা ৷ নিশা ড্ৰাগছ বিৰোধী অভিযানত চলিল গুলীচালনা ৷ কুহুমতলি তিনিআলিত সংঘটিত হয় শুক্ৰবাৰে নিশা গুলীচালনাৰ ঘটনা ৷
মৰিগাঁও আৰক্ষীৰ এটি দলে শিৱস্থান কুহুমতলি তিনিআলিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ গোপন সুত্ৰৰ পম খেদি চলোৱা অভিযানত আৰক্ষীৰ দলটোয়ে দুজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী দুজনৰ নাম হৈছে ইক্ৰামূল হুছেইন আৰু শুকুৰ আলী ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6f5bbfbe-2202-4278-9d45-d7d3a595b390/WhatsApp_Image_2022_10_29_at_8_33_47_AM.jpeg)
ইক্ৰামূল আৰু শুকুৰক গ্ৰেপ্তাৰৰ সময়ত মৰিগাঁও আৰক্ষীক স্হানীয় লোকে বাধা দিবলৈ চেষ্টা কৰাতে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ জানিব পৰা মতে মৰিগাঁও আৰক্ষীৰ এই অভিযানত প্ৰায় ১ কোটি টকাৰ হেৰ’ইন জব্দ কৰা হৈছে ৷