জুৰীয়াত ৭ লাখ টকাৰ হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ…

জুৰীয়াত ৭ লাখ টকাৰ হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
জুৰীয়াত ৭ লাখ টকাৰ হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ নগাঁও : নগাঁও জিলাৰ জুৰীয়াত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বুজন সংখ্যক হেৰ'ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ ব্যৱসায়ী জনৰ নাম হৈছে ৰফিকুল ইছলাম ৷ নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাৰ নেতৃত্ব চলা অভিযানটোত গোপন তথ্যৰ ভিত্তিত জুৰীয়াৰ কদমনি পথত নিশা অভিযান চলোৱা হৈছিল ৷

ড্ৰাগছ ব্যৱসায়ী ৰফিকুল ইছলামৰ ঘৰত চলোৱা অভিযানৰ সময়ত ৭ লাখ টকা মূল্যৰ হেৰ'ইনৰ এটি বাকচ উদ্ধাৰ কৰাৰ লগতে ১৫ টা খালী প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে ৷

nagaon assam Assam police