হাটশিঙিমাৰীত ব্ৰাউন ছুগাৰসহ আটক ২ সৰবৰাহকাৰী

হাটশিঙিমাৰীত ব্ৰাউনছুগাৰসহ আটক ২ সৰবৰাহকাৰী। এই অভিযানত ২৯টা কন্টেনাৰ ভৰ্তি ব্ৰাউনছুগাৰ উদ্ধাৰ হয়।

author-image
Asomiya Pratidin
New Update
হাটশিঙিমাৰীত ব্ৰাউন ছুগাৰসহ আটক ২ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ অধীনস্থ কলেজনগৰত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে ৩২গ্ৰাম ব্ৰাউন ছুগাৰসহ দুই সৰবৰাহকাৰীক আটক কৰে।

Advertisment

প্ৰাপ্ত তথ্য অনুসৰি, খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিৰেন বংগ্ৰুমৰ নেতৃত্বত এটা আৰক্ষীৰ দলে কলেজ নগৰত অভিযান চলায়। গোপন সুত্ৰৰ ভিত্তীত চলোৱা এই অভিযানত ২৯টা কন্টেনাৰ ভৰ্তি ব্ৰাউনছুগাৰ উদ্ধাৰ হয়। আৰক্ষীয়ে ব্ৰাউনছুগাৰ সহ দুই সৰবৰাহকাৰীক আটক কৰিছে।

ধৃত সৰবৰাহকাৰী দুটাক জিলাখনৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেপাৰীপাৰা গাঁৱৰ আশাদ আলীৰ পুত্ৰ মিনাৰুল সেখ আৰু আজিজুল হকৰ পুত্ৰ আব্দুল হামিদ মিয়া বুলি চিনাক্ত কৰা হৈছে। ব্ৰাউন ছুগাৰ খিনিৰ ওজন ৩২ গ্ৰাম বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে সৰবৰাহকাৰী দুটাক কৰায়ত্ব কৰি বৰ্তমানে খাৰুৱাবান্ধা আৰক্ষী চকীত জেৰা চলাই আছে।

লক্ষণীয় যে, প্ৰায় দুসপ্তাহ পূৰ্বে পাশৱৰ্তী শান্তিপুৰ গাঁৱতো খাৰুৱাবান্ধা আৰক্ষীয়ে এক অভিযানৰ জৰিয়তে বৃহৎ পৰিমানৰ ব্ৰাউনছুগাৰসহ ৪ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। জিলাৰ সদৰ হাটশিঙিমাৰী এলেকাৰ লগতে শান্তিপুৰ, কলেজনগৰ, চৰকাশাৰীপাৰা, বেপাৰীপাৰা এলেকাত ড্ৰাগছৰ প্ৰয়োভৰ যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে। বিশেষ সুত্ৰৰ দ্বাৰা জানিব পৰা মতে,চুবুৰয়ী ৰাজ্য মেঘালয়ৰ পৰা ড্ৰাগছ সৰবৰাহ কৰা হয়।

assampolice