হাটশিঙীমাৰীত নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন

হাটশিঙীমাৰীত নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন

author-image
asomiyapratidin
New Update
হাটশিঙীমাৰীত নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ, হাটশিঙীমাৰী: বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৪০০০ হেজাৰ WY নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ হয় এজন। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙীমাৰী কলেজ নগৰ চাৰিআলীৰ পৰা খাৰুৱাবান্ধা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

Advertisment

গোপন সূত্ৰৰ পমখেদি খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক । ধৃত সৰবৰাহকাৰী জন ভাৰত বাংলাদেশ সীমান্তৰ নেপুৰেৰ আলগা গাঁৱৰ হাশেম আলীৰ পুত্ৰ আছমত আলী বুলি চিনাক্ত কৰা হৈছে । শুকুৰবাৰে ১১ বজাত আদালতত হাজিৰ কৰা হ'ব।

আৰু পঢ়ক: মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকেৰে খুন্দা মাৰিলে ট্ৰাকত …

assam Assam police arrested hathsingimari