/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/kjhjhd.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা : মাৰাত্মক ড্ৰাগছ বিৰোধী অভিযান ঢকুৱাখনা মহকুমাত অব্যাহত আছে । এচাম অৰ্থলোভী ব্যক্তিৰ জৰিয়তে ঢকুৱাখনা মহকুমাত এই মাৰাত্মক ড্ৰাগছৰ বেহা মেলা চক্ৰটোৰ বিৰুদ্ধে ঢকুৱাখনা আৰু ঘিলামৰা আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ মাজতে ঘিলামৰা আৰক্ষীৰ জালত পৰিল এটা পলাতক ড্ৰাগছ সৰবৰাহকাৰী ।
এক গোপন সূত্ৰৰ পম খেদি ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন দাস আৰু উপ পৰিদর্শক হেমন্ত কোঁৱৰৰ নেতৃত্বত এটা আৰক্ষীৰ দলে লখিমপুৰত অভিযান চলাই। অভিযান কালত এটা পলাতক ড্ৰাগছ সৰবৰাহকাৰী এটা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে যোৱা ৪ জুনৰ দুপৰীয়া ঘিলামৰা আৰক্ষীৰ এক অভিযান কালত বৰদৈ অঞ্চলৰ নিৰিবিলি ধাবাৰ সন্মুখত এখন বগা মাৰুটি এলট্ৰ ৮০০ বাহনৰ পৰা ৫ গ্ৰাম ওজনৰ নিষিদ্ধ হেৰইন সহ তিনিজন যুৱকক আটক কৰিছিল ।
ঢকুৱাখনা বালি গাঁওৰ হৃদয় জ্যোতি বৰা (২৭) আৰু হুজ গাঁওৰ ৰাজু দাস (৩১) ক সোধা পোছা কৰি থকা অৱস্থাতে সুযোগ বুজি বেবেজিয়া অয়েঙিয়া গাঁওৰ মুখেশ্বৰ মৰাংৰ পুত্ৰ নৰেন্দ্ৰ মৰাং ওৰফে লিমাই (২৭) পলাই যাবলৈ সক্ষম হৈছিল । এই পলাতক ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰৰ সন্ধান চলাই থকাৰ সময়তে দেওবাৰে নিশা ঘিলামৰা আৰক্ষীৰ জালত পৰে পলাতক আচামীতো ।
ঘিলামৰা থানাৰ ইতিমধ্যে পঞ্জীভূত গোচৰ ( নং-৪৫/২০২২ ) ৰ এন দি পি এছ আইন ১৯৮৫ ৰ ২১( a / ২৭ (a) ধাৰাৰ অভিযুক্ত ধৃত দুই সতীৰ্থৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ হোৱা লিমাইক ঘিলামৰা আৰক্ষীয়ে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি লখিমপুৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ঘিলামৰা আৰক্ষীৰ এনে তৎপৰতাৰ শলাগ লৈছে ঢকুৱাখনা মহকুমাবাসীয়ে ।
আৰু পঢ়ক: "মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনাৰ চৰকাৰ" অৱসান মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ