/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/26670b95-5a93-4d2b-850c-b5f72bd06ecc/drug.jpg)
শনিবাৰে নিশা বৰ পথাৰ আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ।
এগৰাকী মহিলাৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি।
এক গোপন তথ্যৰ ভিত্তিত বৰপথাৰ আৰক্ষী থানাৰ খাকৰাজান তালাচীত জব্দ কৰা হয় ড্ৰাগছখিনি।
ডিমাপুৰৰ পৰা তিনিচুকীয়া অভিমুখী এখন নৈশ বাছত তালাচী চলাই মহিলা গৰাকীৰ পৰা ১৪টা চাবোনৰ বাকচত ১৭৬ গ্ৰাম হেৰইন জব্দ কৰে।
ধৃত মহিলা সৰবৰাহকাৰী গৰাকী ডিমাপুৰৰ নিয়াজুম মুনিয়াক।
জব্দকৃত হেৰইন খিনিৰ মূল্য ১৫লাখ টকা বুলি জানিব পৰা গৈছে।
Also Read: পদক জয়েৰে 'এছিয়ান গেমছ-২০২৩'ৰ আৰম্ভণী ভাৰতৰ