/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-25.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/cd2a8d04-ad7a-4590-9666-2a32633c2ef1/WhatsApp_Image_2022_11_30_at_12_53_32_PM.jpeg)
ডিজিটেল সংবাদ,নগাঁও : মাৰানাস্ত্ৰ লৈ ড্ৰাগছৰ বেহা ৷ ড্ৰাগছ বেপাৰীৰ পৰা এইবাৰ উদ্ধাৰ অবৈধ মাৰানাস্ত্ৰ ৷ এছ আই জোনমণি ৰাভাই চলোৱা অভিযানত হেৰ’ইন সহ এইবাৰ নগাঁৱত জব্দ কৰা হৈছে মেচিনমেড পিস্তল সহ সজীৱ গুলি ৷ তিনিজাই গুলী সহ ৭.৬৫ পিস্তল জব্দ কৰা হৈছে মহখুলিৰ পৰা ৷
বুধবাৰে পুৱতি নিশা মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাই এটি আৰক্ষী দল লৈ মহখুলিত চলাইছিল অভিযান ৷ এই অভিযানকালত ড্ৰাগছ ব্যৱসায়ৰে জৰিত ফৰিদা বেগমক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ৷ লগতে এক বক্স হেৰাইন আৰু বুজন পৰিমানৰ কন্টেনাৰ উদ্ধাৰ কৰে ৷ অৱশ্যে ৰজত আলি আৰু বিল্লাল উদ্দিন নামৰ মূল অভিয়ুক্ত দুজন পলাই যাবলৈ সক্ষম হয় ৷
পৰবৰ্তী সময়ত পাৰবিন বেগম , আক্ৰামূল হক আন দুজনক আটক কৰে ৷ ইয়াৰে আক্ৰামূলৰ ঘৰ নগাঁৱৰ চাপৰমূখত ৷ চাপৰমূখৰ পৰা মহখুলিলৈ আহি আক্ৰামূলে ড্ৰাগছৰ ব্যৱসায়ত জড়িত হৈ পৰিছিল ৷ আৰক্ষীৰ সুত্ৰ মতে পলাতক আৰু আটকাধীন সৰবৰাহকাৰী কেইজন ড্ৰাগছ ব্যৱসায়ৰে জড়িত ৷
আৰু পঢ়ক : মিজোৰামত ১০ হাজাৰ মেথামফেটামাইন টেবলেট জব্দ