অভাবনীয় খৰাং পৰিস্থিতিঃ সংকটত ওৰাং-মাজবাটৰ চাহ উদ্যোগ...

অভাবনীয় খৰাং পৰিস্থিতিঃ সংকটত ওৰাং-মাজবাটৰ চাহ উদ্যোগ...

ডিজিটেল সংবাদ,ওৰাংঃ ৰাজ্যত বৰ্তমান তীব্ৰ খৰাং পৰিস্থিতিৰ বাবে সংকটৰ গৰাহত ৰাজ্যৰ চাহ উদ্যোগ ৷ বৰষুণৰ অভাৱত কেঁচা চাহ পাতৰ উৎপাদন প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ প্ৰচণ্ড ৰ'দৰ বাবে চাহ গছ শুকাই মৰি যোৱাৰ উপক্ৰম হৈছে৷ বৃহৎ লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ চাহ উদ্যোগ ৷

ওৰাং-মাজবাট অঞ্চলৰ চাহ বাগিচাত কেঁচা চাহ পাতৰ উৎপাদন প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হোৱাত অস্থায়ী শ্ৰমিকৰ সংখ্যা ইতিমধ্যে কমাইছে কৰ্তৃপক্ষই ৷ ইয়াকে লৈ শ্ৰমিক সকলৰ মাজত হাহাকাৰ ৷ বৰষুণৰ অভাৱত শুকাই মৰি গৈছে বাগিচা খনৰ চাহ গছ ৷ কোনোমতে কাম কৰিছে স্থায়ী শ্ৰমিক সকলে ৷ ভয়ংকৰ খৰাং পৰিস্থিতিৰ পিছতেই কেঁচা চাহ পাতৰ উৎপাদন প্ৰায় বন্ধ হোৱাৰ উপক্ৰম হোৱাত চাহ শ্ৰমিক সকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷

কিয়নো চাহ বাগিচা হৈছে তেওঁলোকৰ জীৱন আৰু জীৱিকা । কেঁচা চাহ পাতৰ ওপৰতেই জীৱিকা নিৰ্ভৰশীল ৷ বৰিঙৰ পানী দিব লগা হৈছিল চাহ বাগিচা খনত ৷ এই পৰিস্থিতি আগন্তুক এসপ্তাহ ধৰি থাকিলে ওৰাং-মাজবাট অঞ্চলৰ চাহ বাগিচা যে বন্ধ হব সেয়া নিশ্চিত ৷ কেনেকৈ চলাব চাহ উদ্যোগ তাকে লৈ সমস্যাত পৰিছে কৰ্তৃপক্ষ ৷এই খৰাং পৰিস্থিতিত চাহ শ্ৰমিক সকলকো চিন্তাত পেলাইছে ৷

অভাবনীয় খৰাং পৰিস্থিতিঃ সংকটত ওৰাং-মাজবাটৰ চাহ উদ্যোগ...
উৰিয়াগাঁৱৰ ৰাজপথত মৃত নৱজাতকঃ আৰক্ষীৰ হাতত নাই কোনো তথ্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in