প্ৰসংগ-জোনমণি ৰাভা: মৰিকলঙ টাউন আৰক্ষী চকীৰ গাড়ীচালকক সোধপোচৰ বাবে তলব...

প্ৰসংগ-জোনমণি ৰাভা: মৰিকলঙ টাউন আৰক্ষী চকীৰ গাড়ীচালকক সোধপোচৰ বাবে তলব...

ডিজিটেল ডেস্ক : জোনমণি ৰাভাৰ ঘটনাৰ সন্দৰ্ভত ন-ন ৰহস্যৰ সৃষ্টি হৈছে। ৰাজ্যত চৰ্চা লাভ কৰা জোনমণি কাণ্ডৰ পিছত ঘটনাৰ তদন্তৰ সন্দৰ্ভত অব্যাহত আছে ভিন্ন প্ৰতিক্ৰিয়া। ইয়াৰ মাজতে শণিবাৰে মৰিকলঙ টাউন আৰক্ষী চকীৰ গাড়ীচালকক সোধপোচৰ বাবে তলব কৰাৰ বাতৰি আহি পৰিছে।

ৰিয়াজুল নামৰ চালকজনক সোধপোচৰ বাবে নিয়া হৈছে নগাঁও সদৰ থানালৈ। ঘটনাৰ সন্দৰ্ভত ন-ন তথ্য পোহৰলৈ অহাৰ পিছত ৰিয়াজুল নামৰ চালকজনক সোধপোচ কৰিলে অন্য বহু তথ্য পোহৰলৈ অহাৰ আশংকা কৰা হৈছে।

আনহাতে আজি দিনৰ ১১ বজাৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ আলোচনাগৃহত অনুষ্ঠিত হৈছে এক সংবাদমেলত। সংবাদমেলতেই জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত বহু নতুন তথ্য প্ৰকাশ পাব বুলি আশা প্ৰকাশ কৰিছে একাংশই।

প্ৰসংগ-জোনমণি ৰাভা: মৰিকলঙ টাউন আৰক্ষী চকীৰ গাড়ীচালকক সোধপোচৰ বাবে তলব...
বড়ো মাধ্যমৰ সমস্যা সন্দৰ্ভত এবছু, বড়ো সাহিত্য সভাই বড়ো মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে আলোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in