/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/UDALGURI-RAKTIM.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ এইবাৰ অসম তথা বিটিএডিলৈ গৌৰৱ কঢ়িয়াই আনিলে ওদালগুৰিৰ ১৯ বছৰীয়া মেধাৱী শিক্ষাৰ্থী ৰক্তিম ভড়ালীয়ে। ওদালগুৰি সুন্দৰীদিয়া পট্টিৰ স্থায়ী বাসিন্দা তথা ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা পিতৃ ৰাতুল চন্দ্ৰ ভড়ালী আৰু মাতৃ ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী পনমণি পাঠক ভড়ালীৰ পুত্ৰ ৰক্তিমে সদ্যঘোষিত ইউপিএছচিৰ দ্বাৰা পৰিচালিত এনডিএ পৰীক্ষাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
২০০০ চনৰ ৭ মে' তাৰিখে জন্ম লাভ কৰা ৰক্তিমে স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল ওদালগুৰিৰ চিক্ৰেট হাৰ্ট ইংলিছ স্কুলত। ইয়াৰ পৰৱৰ্তী সময়ত সেইসময়ত ওদালগুৰিত নতুনকৈ স্থাপন হোৱা কেন্দ্ৰীয় বিদ্যালয়ত পঞ্চম শ্ৰেণীত নামভৰ্তি কৰে। ৰক্তিমে ওদালগুৰি কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীত ৯.৬ গ্ৰেড পইণ্টসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুৱাহাটীৰ খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত একাদশ শ্ৰেণীত নামভৰ্তি কৰে। কিন্তু সৰুৰে পৰাই বায়ুসেনাৰ প্ৰতি আকৃষ্ট থকা ৰক্তিমে প্ৰথমে পিতৃ-মাতৃৰ অজ্ঞাতসাৰে উচ্চতৰ মাধ্যমিকৰ সমান্তৰালভাৱে ইণ্টাৰনেটৰ সহায়ত বায়ুসেনাৰ যোগ্যতাৰ বাবে আৱশ্যক প্ৰস্তুতি আৰম্ভ কৰে।
মেধাৱী ছাত্ৰগৰাকীয়ে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত গুৱাহাটীৰ খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা ৮৪.৩৩ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হয়। কেৱল এয়াই নহয়, ছ'চিয়েল মিডিয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয় লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত থকাৰ সময়তে মেধাৱী শিক্ষাৰ্থী ৰক্তিমে ছ'চিয়েল মিডিয়া ফেচবুকৰ দ্বাৰাই দেশৰ বিভিন্ন প্ৰান্তত থকা বায়ুসেনাৰ বিষয়া তথা সেনাসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰি বিভাগটোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়সমূহ আয়ত্ব কৰিবলৈ সক্ষম হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/580a2138-e144-4068-86c1-ff0dca2941b4-716x1024.jpg)
পৰ্যায়ক্ৰমে তেওঁ বিভাগটোৰ সৈতে জৰিত বিভিন্ন পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুতি কৰালে। সেই অনুসৰি ২০১৮ চনৰ ৯ চেপ্তেম্বৰত গুৱাহাটীৰ চান্দমাৰীত এউপিএছচিৰ পৰিচালনাত অনুষ্ঠিত এনডিএৰ এক বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে। পৰৱৰ্তী সময়ত বাৰানসীত অনুষ্ঠিত এছএছবিৰ বাচনি পৰীক্ষাতো ধাৰাবাহিকভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হয় ৰক্তিমে। ইয়াৰ পাছত নতুন দিল্লীত বায়ুসেনাৰ কেন্দ্ৰীয় মেডিকেল ব্যৱস্থাপনাৰ উদ্যোগত আয়োজিত স্বাস্থ্য পৰীক্ষাতো সফলতা লাভ কৰাৰ অন্তত চলিত বৰ্ষৰ ৯ মে'ত ইউপিএচচিয়ে প্ৰকাশ কৰা যোগ্যতাৰ তালিকাত ওদালগুৰিৰ মেধাৱী শিক্ষাৰ্থীগৰাকীয়ে ৪১৫ নম্বৰ স্থান লাভ কৰি অসম তথা বিটিএডিলৈ গৌৰৱ কঢ়িয়াই আনে।
ইফালে সফল ছাত্ৰ ৰক্তিমে এনডিএত প্ৰশিক্ষণৰ বাবে যোগদান পত্ৰখন ২৫ জুন তাৰিখে লাভ কৰে। অহা ১ জুলাই সোমবাৰে ৰক্তিমে মহাৰাষ্ট্ৰৰ পুনে অভিমুখে উৰা মাৰিব। ২ জুলাই তাৰিখে তেওঁ প্ৰশিক্ষণত যোগদান কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, প্ৰশিক্ষণৰ সমান্তৰালভাৱে তেখেতে তিনিবছৰীয়া বি.টেক্ ডিগ্ৰীও অধ্যয়ণ কৰিব। সাংবাদিকৰে সৈতে মত ব্যক্ত কৰি ৰক্তিমে এই বিভাগলৈ আহিবলৈ ইচ্ছুক শিক্ষাৰ্থীসকলক উদ্দেশ্যি কয় কেৱল পাঠ্যপুথিৰ জ্ঞানেই যথেষ্ট নহয়। বিভাগটোৰে সৈতে জৰিত প্ৰতিটো কথাই জনাৰ ইচ্ছাৰে ইণ্টাৰনেটৰ পৰা তথ্যসমূহ আহৰণ কৰিব পাৰি। চেষ্টা আৰু কষ্ট কৰিলে সকলোৱে এইটো দিশত সহজে সফলতা লাভ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
ককায়েকৰ এনে সাফল্য দেখি ওদালগুৰি কেন্দ্ৰীয় বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়ণৰত ভনীয়েক কাস্পীয়ানা ভড়ালীয়ে আনন্দ প্ৰকাশ কৰে। ইফালে পুত্ৰৰ এই সফলতা দেখি সুখৰ চকুলো নিগৰে প্ৰবক্তা পিতৃ ৰাতুল চন্দ্ৰ ভড়ালীৰ। সাংবাদিকৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত পিতৃগৰাকীয়ে কয় যে, সৰুৰে পৰাই পুত্ৰক লৈ যথেষ্ট আশাবাদী আছিল পিতৃ-মাতৃ। তেওঁলোকে জানিবলৈ দিয়া মতে অতি নম্ৰ তথা নিৰ্জু প্ৰকৃতিৰ ৰক্তিম সৰুৰে পৰাই আন ল'ৰাতকৈ কিছু পৃথক আছিল। সেনাৰ বিষয়ক চিনেমা, আকাশেৰে বায়ুসেনাৰ বিমান জুমি চোৱা, পৰিয়ালৰ সৈতে ভ্ৰমণৰ বাবে ওলাই গ'লে সেনাৰ বাহন দেখিলেই সেনা সন্দৰ্ভত পৰিয়ালৰ সৈতে গভীৰ আলোচনা কৰা ইত্যাদি ব্যতিক্ৰমী লক্ষণৰ গৰাকী আছিল ৰক্তিম।
এইক্ষেত্ৰত পূৰ্বতে তেওঁৰ পিতৃ-মাতৃয়ে এইবোৰ লক্ষ্য পৰিহাৰ কৰি জীৱনত এক লক্ষ্য লৈ আগবাঢ়িবলৈ শিকাইছিল যদিও পূৰ্বৰে পৰা পিতৃ-মাতৃৰ অজ্ঞাতসাৰে মনত সাচি ৰখা লক্ষ্যত ৰক্তিমে সফলতা অৰ্জন কৰে। পুত্ৰৰ এই সফলতাত পিতৃ-মাতৃ অতি গৌৰৱান্বিত বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। উল্লেখ্য যে, ৰক্তিম ভড়ালী হ'ল এনডিএ ১৪২ পাঠ্যক্ৰমৰ প্ৰশিক্ষণৰ বাবে যাবলৈ ওলোৱা অসমৰ প্ৰথম শিক্ষাৰ্থী। একেদৰে সমগ্ৰ বিটিএডি অঞ্চলৰ ভিতৰতেই ৰক্তিম ভড়ালী হ'ল এনডিএত যোগ্যতা অৰ্জনকাৰী প্ৰথমগৰাকী শিক্ষাৰ্থী।