দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু...

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু...

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমত আহি উপস্থিত হ'ব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । ১৩ আৰু ১৪ অক্টোবৰত কেইবাটাও কাৰ্যসূচী হাতত লৈ অসমলৈ আহিব ৰাষ্ট্ৰপতি গৰাকী । ইতিমধ্যেই অসম আৰক্ষীক ৰাষ্ট্ৰপতি গৰাকীৰ উপস্থিতিক লৈ তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া আই আই টি-গুৱাহাটীৰ এক অনুষ্ঠানত অংশ ল'ব ৰাষ্ট্ৰপতি গৰাকীয়ে । ইয়াৰ ওপৰিও ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু আগিয়াঠুৰী ৰেল ষ্টেচনো মুকলি কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে । এই অনুষ্ঠানত ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে উপস্থিত থাকিব ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । ইয়াৰ ওপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ভাৰতী প্ৰৱীন পাৱাৰো উপস্থিত থাকিব এই কাৰ্যসূচীত ।

ধুবুৰী চিকিৎসা মহাবিদ্যালয় হৈছে ৰাজ্য খনৰ স্বাস্থ্য বিভাগৰ নৱতম সংযোজন । আজি ৰাষ্ট্ৰপতি গৰাকীয়ে ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰাৰ পাছত ১৫ নৱেম্বৰৰ পৰা সকলো ৰোগীৰ বাবে সম্পূৰ্ণ ৰূপে মুকলি কৰি দিয়া হ'ব চিকিৎসা মহাবিদ্যালয় খন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in