জামুগুৰিহাটত ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ

জামুগুৰিহাটত ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ১নং বৰদিকৰাই গাঁৱৰ ছত্ৰ বচনেট নামৰ এজন শিক্ষিত নিৱনুৱা যুৱকে ড্ৰেগন ফ্ৰুটছৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে৷ কৰ্মসংস্থাপনৰ তাগিদাত বহিৰাজ্যলৈ ঢাপলি মেলাৰ পৰিবৰ্তে শিক্ষিত নিৱনুৱা যুৱকজনে পৰিয়ালৰ সৈতে ঘৰতে থাকি সুদুৰ হাইদেৰাবাদৰ পৰা ড্ৰেগন ফ্ৰুটছৰ পুলি সমূহ ক্ৰয় কৰি আনি নিজৰ চন পৰি থকা বালিচঁহীয়া মাটিত আৰম্ভ কৰিছিল ড্ৰেগন ফ্ৰুটচৰ খেতি৷

যুৱকজনে নিজৰ তিনি বিঘা মাটিৰ ভিতৰত প্ৰথম অৱস্থাত ২০২২ বৰ্ষত পৰীক্ষামূলকভাৱে এক বিঘা মটিত ড্ৰেগন ফ্ৰুটচৰ খেতি আৰম্ভ কৰি ইতিমধ্যে উৎপাদিত ফল সমূহ বিক্ৰী কৰি প্ৰায় ২(দুই) লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷ কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ যুৱ কৃষক গৰাকীয়ে কেৱল গোৱৰ- সাৰ প্ৰয়োগ কৰিয়েই ড্ৰেগন ফ্ৰুটছ খেতিত বিশেষভাৱে উপকৃত হৈছে৷

বৰ্তমান এই যুৱ কৃষক গৰাকীয়ে নিজৰ কৃষিকৰ্মৰ সম্প্ৰসাৰন ঘটাই তিনি বিঘা মাটিত ড্ৰেগন ফ্ৰুটছৰ খেতি আৰম্ভ কৰিছে৷আগুন্তুক সময়ত তেঁও এই ড্ৰেগন ফ্ৰুটছৰ খেতিৰ প্ৰতি বিঘাত ৫ (পাচ) লাখ টকা হিচাবত বছৰি প্ৰায় ১০(দহ)ৰ পৰা ২০(বিশ) লাখ পৰ্য্যন্ত টকা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি আশাপ্ৰকাশ কৰিছে৷ যুৱ কৃষক ছত্ৰ বচনেটে সৰুকৈ এখন নাৰ্চাৰী খুলি তাত উৎপাদন কৰা ড্ৰেগন ফ্ৰুটছৰ পুলি সমুহ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ নিৱনুৱাই সংগ্ৰহ কৰি নি ৰোপনৰ ব্যৱস্থা কৰিছে৷

'এই ড্ৰেগন ফ্ৰুটছৰ প্ৰতিটো পুলিৰ পৰা ২০০ (দুই শ)পৰা ৫০০ (পাঁচ শ) টকা মূল্য হিচাবে লাভ কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ ও সক্ষম হৈছে বুলি জানিবলৈ দিছে যুৱ কৃষক ছত্ৰ বচনেটে৷

জামুগুৰিহাটত ড্ৰেগন ফলৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন যুৱকৰ
জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাজেট সম্পৰ্কে আলোচনা চক্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in