কেইবাটাও দাবীৰে ড° মনসুখ মাণ্ডাভ্যিয়া স্মাৰকপত্ৰ প্ৰদান কৰে ড° তুলিৰাম ৰংহাঙে

অসমৰ পাৰ্বত্য জিলাত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যে নতুন দিল্লীত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মাণ্ডাভ্যিয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাঙসহ সঁজাতি দলে

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
 ড° মানচূখ মানদাভিয়াক স্মাৰকপত্ৰ প্ৰদান

ড° মনসুখ মাণ্ডাভ্যিয়াক স্মাৰকপত্ৰ প্ৰদান

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং: অসমৰ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ উদ্দেশ্যে নতুন দিল্লীত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী  ড° মনসুখ মাণ্ডাভ্যিয়াক সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিইএম ড° তুলিৰাম ৰংহাঙসহ সঁজাতি দলে৷ সঁজাতি দলটোৱে লগতে উত্থাপন কৰে কেইবাটাও দাবী।

Advertisment

ডিফু তাৰালাংচ কাৰ্বি পিপুল হলৰ প্ৰাংগনত এথলেটিক ষ্টেডিয়াম নিৰ্মাণৰ লগতে বোকাজান হানজাংলাংচ ষ্টৰ্ট কমপ্লেক্স, পশ্চিম কাৰ্বি আংলঙৰ সদৰস্তিৰ হামৰেনত ক্ৰীড়া প্ৰকল্প কমপ্লেক্স গঠনৰ দাবী উত্থাপন কৰে। আনহাতে, নৱগঠিত ১১২নং আমৰি বিধান সভাৰ সমষ্টিৰ উমপানাইত ৰোৰেল ষ্টেডিয়াম নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনায় অনুৰোধ ৷ তুলিৰাম ৰংহাঙক সংগ দিয়ে সাংসদ অমৰ চিং টিচ্চ, প্ৰাক্তন সাংসদ ডা° জয়ন্ত ৰংপী, প্ৰাক্তন বিধায়ক (হাওৰাঘাট ) ড° ধৰম চিং টেৰণ, বিধায়ক দৰ চিং ৰংহাঙসহ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য লূণ চিং টেৰণ, সূৰ্য্য ৰংফাৰ, লগতে ডিফু বিশিষ্ট সমাজসেৱক তথা চিকিৎসক ডা° জয়ন্তা পাতৰ আদিয়ে৷

তুলিৰাম ৰংহাং কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ