/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/BVFCL-29.jpg)
ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিক পূৰ্বাঞ্চল মণ্ডলৰ (Eastern Region) ভাৰতীয় সাৰ সন্থাৰ অধ্যক্ষ হিচাপে নিয়োজিত কৰিছে। এই উপলক্ষে শুকুৰবাৰে কলিকতাৰ হোটেল প্ৰাইড প্লাজাত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ড০ মহান্তিয়ে অধক্ষ্যৰ দায়িত্ব গ্ৰহণ কৰে।
এই অনুষ্ঠানত তেওঁক এফ এ আইৰ বিষয়াসকলৰ লগতে সাৰ উদ্যোগৰ সকলো প্ৰতিনিধিয়ে উষ্ম আদৰণি জনায়। অনুষ্ঠানত ভাষণ প্ৰসংগত ড০ মহান্তিয়ে "স্থিতিস্থাপক কৃষিৰ বাবে জৈৱিক চাপ ব্যৱস্থাপনা" শীৰ্ষক এক আলোচনা চক্ৰও উদ্বোধন কৰে।
উল্লেখযোগ্য যে ভাৰতীয় সাৰ সন্থা হৈছে এটা অলাভজনক আৰু অবাণিজ্যিক সন্থা যিয়ে মূলতঃ সাৰ প্ৰস্তুতকাৰী, বিতৰক, আমদানিকাৰক, সঁজুলি নিৰ্মাতা, গৱেষণা প্ৰতিষ্ঠান আৰু ইনপুট যোগানকাৰীক প্ৰতিনিধিত্ব কৰে। সাৰৰ উৎপাদন, বিপণন আৰু ব্যৱহাৰৰ সৈতে জড়িত সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্যে ১৯৫৫ চনত এই সংস্থাটো স্থাপন কৰা হৈছিল।
মুম্বাই, চেন্নাই, কলকাতা আৰু দিল্লীত অৱস্থিত এফ এ আইৰ চাৰিটা আঞ্চলিক কাৰ্যালয় আছে। আঞ্চলিক কাৰ্যালয়সমূহে মূলতঃ স্থানীয় বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নিজ নিজ অঞ্চলত কাম কৰা সাৰ নিৰ্মাতা, ৰাজ্য চৰকাৰ আৰু অন্যান্য স্থানীয় কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখে I বি ভি এফ চি এলৰ অধ্যক্ষ গৰাকীৰ সাফল্যত উদ্যোগটোৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে নামৰূপ প্ৰেছ এণ্ড ছচাঁইটি ক্লাবৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us