/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dr-prafulla-mahanta-25.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট লেখক, ভাষাবিদ, গৱেষক তথা বিশিষ্ট শিক্ষাবিদ ড০ প্ৰফুল্ল মহন্ত গুৰুতৰভাৱে অসুস্থ। বৰ্তমান জি এন আৰ চিৰ আই চি ইউত চিকিৎসাধীন হৈ আছে। হাস্পতালৰ সূত্ৰৰ পৰা প্ৰকাশিত খবৰ অনুসৰি তেওঁৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক। উল্লেখ্য যে অসমীয়া সমাজ জীৱনৰ অন্যতম অভিভাৱক স্বৰূপ ড০ মহন্ত জটিল ৰোগত আক্ৰান্ত।
বিশিষ্ট সমাজ বিজ্ঞানী তথা চিন্তাবিদ গৰাকীৰ জন্ম হৈছিল ১৯৪১ চনত । নগাঁৱৰ জাজৰিত জন্ম গ্ৰহণ কৰা ড০ মহন্তৰ শিক্ষাবিদ হিচাপেও আন এক পৰিচয় আছে। এসময়ত আনন্দৰাম বৰুৱা ভাষা, কলা-সংস্কৃতি সন্থাৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰা ড০ প্ৰফুল্ল মহন্তৰ এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস।
ইয়াৰোপৰি জনগোষ্ঠীয় চেতনা, অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ, বড়ো ভূমিৰ উচুপনি আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। অসমৰ জনগোষ্ঠীয় সংঘাত আৰু সমস্যাক লৈ শ্ৰেণীবদ্ধ গৱেষণা কৰাৰ লগতে সমাজ বিজ্ঞানীৰ দৃষ্টিৰে অসমৰ জাতীয়তাবাদক লৈ প্ৰণালীবদ্ধ অধ্যয়ন কৰা ড০ মহন্ত আশু আৰোগ্য কামনা কৰিছে গুণমুদ্ধ সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us