লোক সংস্কৃতি, সাহিত্য তথা গেৱষণাৰ ক্ষেত্ৰত ড০ প্ৰবীণ চন্দ্ৰ দাসৰ আছিল বিশেষ অৰিহণা…
ডিজিটেল ডেস্কঃ অৱশেষত নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানিলে অধ্যাপক, গৱেষক, লোক সংস্কৃতিৰ সাধক ড০ প্ৰবীণ চন্দ্ৰ দাসে। ১৯৪২ চনৰ ১৬ ফেব্ৰুৱাৰীত কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ হাজোৰ বামুণতোলাত জন্মগ্ৰহণ কৰা প্ৰবীণ চন্দ্ৰ দাসৰ পিতৃৰ মহেন্দ্ৰ দাস আৰু মাতৃ হিৰণবালা দাস।
হাজো মাজৰী স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ১৯৬৮ চনত পাণ্ডু মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত সন্মানসহ বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি বি এ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু একেখন বিশ্ববিদ্যালয়ৰ পৰা একেটা বিভাগতে ১৯৭০ চনত তেওঁ প্ৰথম স্থানেৰে এম এ পৰীক্ষাত উত্তীৰ্ণ হয়।
পৰৱৰ্তী সময়ত ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ লোক সংস্কৃতি গৱেষণা বিভাগত ড০ প্ৰভুদত্ত গোস্বামীৰ তত্ত্বাৱধানত 'Hajo a Socio Cultural study' শীৰ্ষক গৱেষণা কৰ্মৰ বাবে পি এইছ ডি ডিগ্ৰী লাভ কৰে।
১৯৬২ চনত ছাত্ৰ অৱস্থাতে তেওঁ ভাৰতীয় জীৱন বীমা নিগমত কেই মাহ মানৰ বাবে নিম্নবৰ্গৰ সহায়ক হিচাপে কৰ্মজীৱনৰ পাতনি মেলা প্ৰবীণ চন্দ্ৰ দাসে সেই বছৰটোতেই উত্তৰ পূব সীমান্ত ৰে'লৱেৰ মালিগাওঁস্থিত মুখ্য কাৰ্যালয়ত নিম্নবৰ্গৰ সহায়ক হিচাপে যোগদান কৰি ১৯৭২ তন পৰ্যন্ত কাৰ্য সম্পাদন কৰে।
১৯৭২ চনত ৰে'লৱেৰ চাকৰি ত্যাগ কৰি পাণ্ডু মহাবিদ্যালয়ত প্ৰৱক্তা হিচাপে যোগদান কৰে। মহাবিদ্যালয়খনত কিছু দিন শিক্ষকতা কৰাৰ পিছত তেওঁ শ্বিলঙলৈ যায়। শ্বীলঙৰ চেইণ্ট এটমছ কলেজৰ অসমীয়া বিভাগত প্ৰবক্তা ৰূপে যোগদান কৰি ১৯৮১ চনৰ মাৰ্চ মাহ পৰ্যন্ত শিক্ষকতা কৰে।
১৯৮১ চনৰ মাৰ্চত প্ৰবীণ চন্দ্ৰ দাস পুনৰ ঘূৰি আহে গুৱাহাটীলৈ। এইবাৰ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি গেৱষেণা বিভাগৰ প্ৰৱক্তা হিচাপে যোগদান কৰে। ১৯৮১ চনৰ পৰা ১৯৯০ চনৰ জুলাইলৈ তেওঁ বিভাগটোত শিক্ষকতাৰ দায়িত্ব পালন কৰে।
১৯৯০ চনত তেওঁ ছাত্ৰ কল্যাণ সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰে। ১৯৯৮ ৰ পৰা ২০০৪ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে।
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত সুদীৰ্ঘ কাল দায়িত্ব পালন কৰা প্ৰবীণ চন্দ্ৰ দাসে অসমীয়া বিভিন্ন বিষয়ক সামৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ উল্লেখযোগ্য এই গ্ৰন্থসমূহ হ'ল-পুণ্যভূমি হাজো, অসমীয়া ভাষা আৰু সাহিত্যৰ কথা, দুৰ্গাৱৰী ৰামায়ণ (সম্পাদিত), A Hand book of folklore material north east India, প্ৰসঙ্গ লোক-সংস্কৃতি, ববচা বনৰ বকুল বুটলি (আত্মকথা), বন বিৰিণাৰ ছাঁত (আত্মকথা), বসন্তৰ বাউলী বোকোচাত (আত্মকথা), উদাসীন সত্য চুবাৰ আসাৰ ভ্ৰমণ (সম্পাদনা), হৰিবিলাস আগৰৱালাৰ ডায়েৰী (সম্পাদনা), গ্ৰামাৰ অব্ আছামিছ লেংগুৱেজ, উইলিয়াম ৰবিঞ্চন,নাথান ব্ৰাউন, জি.এফ. নিকল ( ড° খগেশ সেন ডেকাৰ সৈতে যুটীয়াভাৱে সম্পাদনা)।
অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা এনে অৱদানৰ বাবেই তেওঁক অসম চৰকাৰৰ পৰা ২০০৫ চনত প্ৰদান কৰা হৈছিল সাহিত্যিক পেঞ্চন। আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ পিছত ২০০৭ চনৰ পৰা ২০১১ চনলৈ লোক সংস্কৃতিৰ গৱেষণা বিভাগত অতিথি অধ্যাপক হিচাপে শিক্ষাদান কৰে।
প্ৰবীণ চন্দ্ৰ দাসৰ তত্ত্বাৱধানতে ৪১ গৰাকীকৈ গেৱেষক, গৱেষিকাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তেওঁ অসম জনকৃষ্টি সমাজৰ প্ৰায় প্ৰতিষ্ঠা কালৰ পৰা জড়িত থাকি মৃত্যু পৰ্যন্ত সভাপতি আছিল। এইদৰেই অসমৰ শিক্ষা, গৱেষণা, লোক সংস্কৃতি, সাহিত্যৰ দিশলৈ অৱদান আগবঢ়াই থৈ যোৱা ড০ প্ৰবীণ চন্দ্ৰ দাসৰ বিয়োগত অসমৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পৰাৰ লগতে তেওঁ অনুৰাগী তথা শিক্ষাৰ্থী আৰু একালৰ সতীৰ্থ অধ্যাপক, অধ্যাপিকাই শোক প্ৰকাশ কৰিছে।
আজি গুৱাহাটী বিশ্ববিদ্যালয়লৈ তেওঁৰ নশ্বৰ দেহ লৈ অহাৰ লগে লগেই বিশ্ববিদ্যালয় পৰিয়ালৰ প্ৰতিজন সদস্যই তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিদেহ আত্মৰ সদগতি কামনা কৰিছে। তেওঁৰ কায়িক অনুপস্থিতিয়ে বিশ্ববিদ্যালয়ৰ পৰিয়ালক মৰ্মাহত কৰিছে বুলিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।